আজি ড০ ভূপেন হাজৰিকা দেৱৰ ৯৬ সংখ্যক ওপজা দিন। এটা সময়ত ভাৰতৰ আন ৰাজ্যসমূহে অসমক চিনি পাইছিল এশিঙীয়া গড়, চাহ পাত আৰু ড০ ভূপেন হাজৰিকা দেৱৰ কথাৰে। সুদীৰ্ঘ কাল অসম তথা ভাৰতবৰ্ষৰ সংগীত জগতৰ নয়নমণি স্বৰূপ ভূপেন হাজৰিকা দেৱৰ স্থিৰ ছবি ও ২০১৬ চনত ভাৰতীয় ডাক টিকটত ছপা হৈছিল।
সমগ্ৰ ৰাজ্যবাসীয়ে তেখেতক অশ্ৰু নয়নেৰে স্মৰণ কৰা সময়তেই ৰাতিপুৱাই অসম বাসীৰ মুখত হাহি বিৰিঙাই গ’ল আন এটা খবৰে। জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলে ব্যৱহাৰ কৰিল সুধাকন্ঠ গৰাকীৰ ডুডল নিজৰ ৱেবছাইটত।
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলদৈতো বিভিন্ন অনুষ্ঠান প্ৰতিস্থানে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে সুধাকন্ঠৰ ওপজা দিন। মঙলদৈৰ ড০ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিয়ে মঙলদৈৰ ভূপেন হাজৰিকা উদ্যানত দিনযোৰা কাৰ্যসূচীৰে আৰম্ভ কৰিছে এই সুধাকণ্ঠৰ উপজা দিন।
পুৱা প্ৰথম কাৰ্যসূচী হিচাবে আয়োজন কৰে প্ৰভাত ফেৰীৰ । সাংবাদিক মুকুট ৰাজ শৰ্মা ই প্ৰভাত ফেৰী উদ্বোধন কৰাৰ পিছতে সুধাকন্ঠৰ কালজয়ী গীত সমূহ পৰিবেশন কৰি পৰিভ্ৰমণ কৰে মঙলদৈ চহৰ। লগতে দিনজোৰা কৈ বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰা হব বুলি কয় ড০ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ বিষয়ববীয়া সকলে।