১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে। প্ৰায় ২৫ সহস্ৰাধিক গীতত কণ্ঠদান কৰি অসমীয়া সংগীত জগতক অনন্য় মাত্ৰা প্ৰদান কৰিছে জুবিন গাৰ্গে। ভাৰতৰ বিভিন্ন ভাষা-উপভাষাৰ গীতত কণ্ঠদান কৰাৰ উপৰি বলিউদতো আছে শিল্পীগৰাকীৰ প্ৰতিভাৰ স্বাক্ষৰ। দাক্ষিণাত্যৰ একাধিক ভাষাত শিল্পীগৰাকীয়ে কণ্ঠ নিগৰাইছে।
ইয়াৰোপৰি অভিনেতা,সংগীত পৰিচালক,ছবি পৰিচালক হিচাপেও তেওঁৰ আছে ঈৰ্ষণীয় সফলতা। জুবিন গাৰ্গৰ দুখনকৈ আহিবলগীয়া ছবি হৈছে চিকাৰ আৰু ৰৈ ৰৈ বিনালে। অৱশ্যে স্বাস্থ্যজনিত কাৰণত তেওঁ কিছুদিনৰ বাবে ছবিৰ দৃশ্যগ্ৰহণৰ কামৰ পৰা বিৰত আছে।