ট্ৰেজেডি কিং খ্যাত অভিনেতা দিলীপ কুমাৰ আৰু নাই। ১৯৪৪ চনত ব’ম্বে টকীজৰ ‘জোৱাৰ ভাটা’ নামৰ ছবিখনৰ জৰিয়তে অভিনেতা হিচাপে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰা দিলীপ কুমাৰে তিনিকুৰিৰো অধিক ছবিত অভিনয় কৰিছিল| অভিনয়ৰে দৰ্শকৰ মন আপ্লুত কৰা তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি আছিল ‘দেৱদাস’, ‘মিলন’, ‘জুগনু’, ‘মেলা’, ‘আন্দাজ’, ‘আৰ্জু’, ‘দাগ’, ‘মধুমতি’, ‘মোগল ঈ আজম’, ‘গংগা যমুনা’, ‘আদমী’, ‘গোপী’, ‘ক্ৰান্তি’, ‘শক্তি’, ‘বিধাতা’, ‘কৰ্মা’, ‘সৌদাগৰ’ আদি |
১৯৯৮ চনত মুক্তিপ্ৰাপ্ত ‘কিলা’ নামৰ ছবিখন তেওঁৰ দ্বাৰা অভিনীত অন্তিমখন ছবি আছিল তেওঁৰ দ্বাৰা অভিনীত অন্তিমখন ছবি আছিল ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত ‘কিলা’ নামৰ ছবিখন | ২০০০ চনৰ পৰা ২০০৬ চনলৈ তেওঁ ৰাজ্যসভাৰো সাংসদ আছিল ।
১৯৯৪ চনৰ বাবে ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰা দিলীপ কুমাৰে ২০১৫ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষনেৰেও বিভূষিত হৈছিল । আঠবাৰকৈ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰা দিলীপ কুমাৰ ‘ট্ৰেজেডী কিং’ হিচাপেও জনাজাত আছিল ।
দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত কিংবদন্তী অভিনেতাগৰাকীয়ে বুধবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ। কুমাৰৰ চিকিৎসা কৰি থকা ডাঃ জলিল পাৰকাৰে পুৱা ৭.৩০ বজাত তেখেতৰ মৃত্যুৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
উল্লেখ্য যে দিলীপ কুমাৰক মঙলবাৰে হিন্দুজা চিকিৎসালয়ৰ নন-ক’ভিড আইচিইউত ভৰ্তি কৰোৱা হৈছিল। তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰে।