ৰবিবাৰে ৬১ নং সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত মুক্তি দিয়া হয় “তোমাৰে ভাৱনাত” শীৰ্ষক নতুন অসমীয়া গীতটি। ডিমৰীয়াৰ উদীয়মান সাংবাদিক তথা কন্ঠশিল্পী পংকজ ডেকাৰ দ্বাৰা ৰচিত আৰু কন্ঠদান কৰা গীতটি জনপ্ৰিয় কন্ঠশিল্পী ৰূপালী কাশ্যপে শুভমুক্তি দিয়ে।
গীতটিত পংকজ ডেকাৰ লগত কন্ঠদান কৰিছে বন্দিতা দাসে। আনহাতে সোণাপুৰ মহাবিদ্যালয়ৰ লগতে ডিমৰীয়াৰ কেইবাটাও লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা গীতটিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্যায়ম সঞ্জিত আৰু ভাগ্যশ্ৰী গোস্বামীয়ে। গীতটিৰ প্ৰযোজনা নুৰ আহমেদ লস্কৰৰ আৰু পৰিচালনা চফিকুৰ ৰহমানৰ লগতে গীতটিৰ সৈতে জড়িত আছে ডিমৰীয়াৰ অন্যান্য কেইবাগৰাকীও কলা-কুশলী।
পোন প্ৰথমবাৰৰ বাবে উদীয়মান কন্ঠশিল্পী পংকজ ডেকাৰ কন্ঠত মুক্তি দিয়া গীতটি ৰাইজে আদৰি ল’ব বুলি আশাবাদী গীতটিৰ সৈতে জড়িত কলা-কুশলী।