কৰ্কট ৰোগত আক্ৰান্ত হৈ চেন্নাইৰ এখন চিকিৎসালয়ত আজি শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা কিশোৰ দাসে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ। উন্নত চিকিৎসাৰ বাবে কিশোৰ গৈছিল চেন্নাইলৈ। মাৰ্চ মাহৰ ২২ তাৰিখে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী এৰি প্ৰথমে তেওঁ মুম্বাইলৈ গৈছিল। ইয়াৰ পিছত মুম্বাইৰ পৰা হাইদৰাবাদ আৰু তাৰ পিছত চেন্নাইলৈ গৈছিল কিশোৰ। ইয়াৰ পূৰ্বে প্ৰায় এমাহ দিন ধৰি কিশোৰ চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত। অদম্য প্ৰতিভা আমাৰ মাজৰ পৰা অকালতে যেন হেৰাই গল। অভিনেতাজনৰ বিয়োগত ম্ৰিয়মান শিল্পীসমাজৰ লগতে অসমৰ ৰাইজ। অতি কম সময়ৰ ভিতৰতে বহুতো জনপ্ৰিয় গীতৰ ভিডিঅ’ত নৃত্য তথা অভিনয় কৰি কিশোৰে অসমবাসীৰ হৃদয়ত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল।
মুম্বাইলৈ যোৱাৰ পূৰ্বে কিশোৰক তেওঁৰ অনুৰাগী তথা ৰাজ্যৰ একাংশ শিল্পী আৰু গুণমুগ্ধই আৰ্থিকভাৱে সহায় কৰাৰ বাবে ধন্যবাদ জনাই কৈছিল- এতিয়াও মানুহে মানুহৰ বাবে ভাৱে, চিন্তা কৰে। আনহাতে চেন্নাইত চিকিৎসা গ্ৰহণ কৰি থকা কিশোৰে চিকিৎসা চলি থকাৰ মাজতে দক্ষিণ ভাৰতৰ চুপাৰহিট ছবি ‘পুস্পা’ৰ সেই বিখ্যাত সংলাপ আৰু ভংগিমাৰে ‘ঝুকেগা নেহি’ বুলিও মনৰ দৃঢ়তা প্ৰকাশ কৰিছিল।
অতি কম সময়তে অসমৰ ৰাইজৰ আপোন হৈ পৰা কিশোৰৰ মৃত্যুত সমগ্ৰ সাংস্কৃতিক জগতখনতে শোকৰ ছাঁ পৰিছে। তেওঁৰ অনুৰাগী আৰু গুণমুগ্ধ সকলে কিশোৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে চেন্নাইত চিকিৎসা কৰ্কট ৰোগৰ চিকিৎসা চলি থকাৰ সময়তে কিশোৰ দেহত কোভিড-১৯ সংক্ৰমণ হয়। অতি দুৰ্বল হৈ থকা কিশোৰক কোভিডেই মৃত্যুৰ মুখলৈ ঠেলি দিলে বুলিও অনুৰাগীসকলৰ মাজত চৰ্চা চলিছে।
প্ৰতিভাৱান অভিনেতাগৰাকীৰ চিকিৎসাৰ বাবে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছিল। কিশোৰ দাসক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছিল ২.৫০ লাখ টকাৰ এককালীন সাহায্য। তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰে। অসমীয়াৰ হৃদয়ত কিশোৰ দাস জিলিকি ৰব। মুম্বাইৰ প্ৰিন্স আলী চিকিৎসালয়তো তেওঁৰ চিকিৎসা চলিছিল। কিশোৰক মুম্বাইলৈ নিয়াৰ খৰছ বহন কৰিছিল জুবিন গাৰ্গে। শিল্পী জয়ন্ত দাসৰ লগতে অসমৰ প্ৰায়সকল শিল্পীয়েই কিশোৰ দাসৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াইছিল। আমাৰ Headline8 ৰ পৰিয়ালেও তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছে।