দেশৰ ৰাজধানী দিল্লীত ক’ৰোনাৰ সন্ত্ৰাস অব্যাহত।
ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে।
এইবাৰ ক’ৰোনাক ৰোধ কৰিবলৈ দিল্লী চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কিছু সময় পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেলযোগে ৰাজ্যখনত আজি নিশা ১০ বজাৰ পৰা সোমবাৰে পুৱা ৫ বজালৈ লকডাউনৰ ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক’লে যে, ৰাজ্যত ক’ৰোনাৰ অনিয়ন্ত্ৰিত ৰূপ প্ৰত্যক্ষ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে।
তেওঁ, এইটো কয় যে,
তেওঁ আৰম্ভণিৰে পৰা লকডাউনৰ বিৰোধিতা কৰিছিল কিন্তু এতিয়া পৰিৱেশ যথেষ্ট বিষম হৈ পৰিছে যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছো।
সুৰাৰ দোকানত থিয় হৈ থকা মহিলাৰ ভিডিঅ’ ভাইৰেল
ইফালে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লকডাউনৰ ঘোষণাৰ পিছত চহৰখনত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
দোকানসমূহত ভিৰ কৰিবলৈ আৰম্ভ কৰে লোকসকলে।
খোৱা সামগ্ৰীৰ দোকানৰ লগতে সুৰাৰ দোকানসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে।
ইয়াৰ মাজতে সুৰাৰ দোকানত এগৰাকী মহিলাই সুৰা ক্ৰয় কৰিবলৈ শাৰীত থিয় হৈ আছিল।
যেতিয়া মহিলাগৰাকীক মিডিয়া কৰ্মীয়ে প্ৰশ্ন উত্থাপন কৰিলে যে,
তেওঁ ইয়াত কিয় থিয় হৈ আছে?
তেওঁ ক’লে তেওঁ দুই বটল সুৰা ক্ৰয় কৰিবলৈ আহিছে।
সুৰাই যিমান কাম কৰে সিমান ক’ৰোনাৰ টীকাই নকৰে- মহিলা
আপোনালোকক জনাও যে, মহিলাগৰাকীৰ এই ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হ’বলৈ ধৰিছে।
মহিলাগৰাকীক এই ভিডিঅ’টোত কোৱা দেখা পোৱা গৈছে যে,
ক’ৰোনা টীকাই একো লাভ নকৰে, যিমান সুৰাই কৰিব।
তেওঁ ক’লে যে, ইয়াত থিয় হৈ থকা যিমানখিনি লোকে সুৰাপান কৰে তেওঁলোক ক’ৰোনাৰ পৰা বাচি থাকিব।
Photo: Google