বহু সাধনাৰ পিছত এগৰাকী শিল্পীয়ে সংগীতৰ জগতত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়,ভাৰতীয় সংগীত জগত তথা বলিউডত ইয়াৰ প্ৰতিযোগিতাৰ বিষয়ে আমি নিশ্চয় উমান কৰিব পাৰোঁ, কিন্তু এই প্ৰতিষ্ঠিত তাৰকাসমূহ যেতিয়া হঠাতে সংগীতপ্ৰেমী সকলক কন্দুৱাই যেতিয়া পৃথিৱীৰ পৰা নোহোৱা হৈ যায় সচাকৈয়ে ই অসহনীয় হৈ পৰে।
২০২০ ৰ এই বৰ্ষটি যেন এক সংহাৰী ৰূপত অৱতীৰ্ণ হৈ ,মহামাৰী ক’ৰোনা ভাইৰাচৰ বাবে আজি ত্ৰাহিমাম সমগ্ৰ বিশ্ব ,এনে সময়তেই বলীউডৰ দুগৰাকীকৈ বলিষ্ঠ অভিনেতা ঋষি কাপুৰ আৰু ইৰফান খানক হেৰুৱাৰ শোক মাৰ নৌযাওতেই ৩১মে’ৰ দিনা বলীউডৰ জনপ্ৰিয় সংগীত শিল্পী ৱাজিদ আলি খানৰ আকস্মিক মৃত্যুৰ খবৰে তেওঁৰ গুণমুগ্ধসকলক শোকস্বব্ধ কৰি তুলিলে ।
উওৰ প্ৰদেশৰ চাহাৰনপুৰত জন্ম গ্ৰহণ কৰি ১৯৯৮ৰপৰা সংগীত নিৰ্দেশনা, কন্ঠদান তথা গীত ৰচনাৰ সৈতে তেওঁৰ কৰ্মৰাজিৰ কালছোৱাত হিন্দী বোলছবি জগতৰ খ্যাতনামা নেপথ্য কন্ঠশিল্পী চনু নিগমৰ প্ৰথম একক গীতৰ এলবাম ‘দীৱানা’ৰ সংগীত পৰিচালনাৰে আৰম্ভ কৰি প্যাৰ কিয়া টো ডৰনা ক্যা, পাৰ্টনাৰ, তেজ, ৱেলকাম, ক্যা কুল হে হম্ এনে ধৰণৰ কেবাখনো হিন্দী বোলছবিত কেতিয়াবা সংগীত পৰিচালক,কেতিয়াবা নিৰ্দেশক অথবা কেতিয়াবা কন্ঠ নিগৰোৱা ৱাজিদ খানে অভিনেতা চলমান খানৰ অভিনীত ছবি ডাবাংগৰ সংগীত পৰিচালনাৰ বাবে ২০১১ বৰ্ষত তেওঁ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰিছিল,ইয়াৰ লগতে তেওঁ কেইবাটাও অন্য লেখত্ লবগীয় পুৰষ্কাৰেৰে পুৰষ্কৃত হয় ।
প্ৰসিদ্ধ তবলা বাদক ওস্তাদ চৰাফত আলি খানৰ পুত্ৰ, ভীমসেন যোশীৰ গায়কীৰে অনুপ্ৰাণিত হোৱা চাজিদ ৱাজিদ,এই দুগৰাকী শিল্পী তথা ভাতৃৰ যুগলবন্দীয়ে গুণমুগ্ধসকলক যথেষ্ট মনোৰঞ্জন দি আহিছে । এনে এগৰাকী স্বনামধন্য শিল্পীৰ আকস্মিক মৃত্যুয়ে দেশবাসীক পুনৰ এবাৰ কন্দুৱাই থৈ গ’ল। বলীউডৰ এইগৰাকী জনপ্ৰিয় সংগীতশিল্পীৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক৷