২০২০ এক অভিশপ্ত বছৰ আছিল। এক মাৰাত্মক অদৃশ্য ভাইৰাছৰ পৰা ভূমিকম্পলৈকে, ঘূৰ্ণীবতাহৰ পৰা এলিয়েন দৃশ্যলৈকে প্ৰতিটো আটাইতকৈ বেয়া সম্ভৱ পৰিস্থিতি – আপুনি এক সৰ্বনাশ পৰিস্থিতিত আশা কৰা ধৰণে সকলোবোৰ ঘটিছিল। ২০২০ গ’ল, আহিল ২০২১। এই বৰ্ষটো আশাৰ বছৰ হ’ব বুলি ধাৰণা কৰা হৈছিল, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে ২০২১ মাত্ৰ ২০২০ৰ সংস্কৰণ ২.০।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(IMD)য়ে জনোৱা অনুসৰি, সোমবাৰে ঘূৰ্ণীবতাহ টাউকটাই “অত্যন্ত তীব্ৰ ঘূৰ্ণীবতাহ”ত পৰিণত হৈছে। সোমবাৰে পুৱতি নিশা দ্ৰুত তীব্ৰতা বৃদ্ধি পাইছিল এই ঘূৰ্ণীবতাহৰ। IMDয়ে কয় যে, এয়া আগতে অনুমান কৰা হোৱা নাছিল যে টাউকটাই এক অত্যন্ত তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হ’ব।
এই ঘূৰ্ণীবতাহৰ এতিয়া প্ৰতি ঘণ্টাত ১৮০-১৯০ কিলোমিটাৰ বতাহৰ গতি বেগ আছে আৰু প্ৰতি ঘণ্টাত ২১০ কিলোমিটাৰ বতাহৰ গতি বেগ আছে। অৱশ্যে, গুজৰাট উপকূলত খুন্দা মাৰিলে ইয়াৰ তীব্ৰতা হ্ৰাস পাব বুলি অনুমান কৰিছে IMDয়ে। আইএমডিৰ ঘূৰ্ণীবতাহ সতৰ্কতা বিভাগে কয় যে, “পূব মধ্য আৰৱ সাগৰৰ ওপৰেৰে তীব্ৰ ঘূৰ্ণীবতাহ ‘টাউকটাই’ (টাউ’টে বুলি উচ্চাৰণ কৰা হয়) বিগত ছয় ঘণ্টাত প্ৰায় ২০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত উত্তৰ-পশ্চিম দিশে গতি কৰিছিল, যি এক অত্যন্ত তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হৈছিল।”
কেৱল ঘূৰ্ণীবতাহে নহয়, প্ৰকৃতিৰ কালৰূপ বৃদ্ধি কৰিছে ভূমিকম্পই। চৰকাৰী বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, সোমবাৰে পুৱতি নিশা গুজৰাটৰ গিৰ সোমনাথ জিলাত ৪.৫ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। লগতে তেওঁলোকে কয় যে, কোনো হতাহত বা সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই। গান্ধীনগৰস্থিত ভূকম্পন গৱেষণা প্ৰতিষ্ঠানৰ এজন বিষয়াই জনোৱা অনুসৰি, পুৱা ৩.৩৭ বজাত সৌৰাষ্ট্ৰ অঞ্চলত অৱস্থিত গিৰ সোমনাথ জিলাৰ উনাৰ এক কিলোমিটাৰ পূব-দক্ষিণ পূবত ইয়াৰ কেন্দ্ৰবিন্দু।
টুইটাৰত মীম শ্বেয়াৰ কৰিছে যে, চলিত বৰ্ষত কিমান দুৰ্যোগৰ সাক্ষী হৈছে-
#earthquake After Corona , cyclone and then #earthquake
People be like pic.twitter.com/c0mORcnTH5
— 2.O (@special2_o) May 17, 2021
Covid, cyclone and now earthquake
People in Gujarat like:#earthquake #cyclonetaukate #CovidIndia pic.twitter.com/xnMPCEeJLU— Shyaaam (@Shhyaaamm) May 17, 2021
No one literally
No one
Me after seeing that#earthquake is trending on twitter pic.twitter.com/4slkSgt7Gr— Ansh Pandey🚩🇮🇳 (@AnshPandey1309) May 17, 2021
https://twitter.com/theSocial_Guy/status/1394149248170483712?s=20
Lockdown: inside#earthquake : outside
Best option: pic.twitter.com/LLGMXdWnUv— Faiz (@ziaf123) May 17, 2021
Phley Covid fir cyclone 🌀 or ab #earthquake
Le people's pic.twitter.com/2OKylKJwvt— Ashish Tyagi🇮🇳 (@woh_memer_ladka) May 17, 2021
Le 2021 after Corona,cyclone and #earthquake pic.twitter.com/iKcfELcEWV
— Aaditya Joshi (@tweetadii) May 17, 2021
*After Corona, Now #MumbaiRains #earthquake #CycloneTaukte intensifying,*
*Le People : pic.twitter.com/ObSjOyTBTF— Prakhar Jain (@prakharmahan) May 17, 2021
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই জনোৱা অনুসৰি, সোমবাৰে পুৱা ৬ বজাত গুজৰাটৰ ২১খন জিলাৰ ৮৪টা অঞ্চলত পাতল বৰষুণ হৈছিল, মুখ্যতঃ ঘূৰ্ণীবতাহৰ ফলত। ছয়টা অঞ্চলত এক ইঞ্চিতকৈও অধিক বৰষুণ হৈছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) শেহতীয়া বুলেটিন অনুসৰি, ঘূৰ্ণীবতাহ টাউকটাই “অত্যন্ত তীব্ৰ ঘূৰ্ণীবতাহ”লৈ সলনি হৈছে।
এই ঘূৰ্ণীবতাহৰ ফলত ৰাজ্যখনৰ বহু ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হ’ব, কেইখনমান স্থানত ধাৰাষাৰ বৰষুণ হ’ব। লগতে IMDয়ে জানিবলৈ দিয়ে যে, সোমবাৰে আৰু মঙলবাৰে দক্ষিণৰ সৌৰাষ্ট্ৰ, ডিউ আৰু গুজৰাট অঞ্চলৰ বিভিন্ন স্থানত অত্যাধিক ধাৰাষাৰ বৰষুণ হ’ব।
Photo: Twitter