গুৱাহাটিৰ হেদায়েৎপুৰস্থিত মাইম একাডেমীৰ প্ৰেক্ষাগৃহত ১৮ ডিচেম্বৰত সন্ধিয়া দুটাকৈ দর্শনীত মঞ্চস্থ কৰা হয় আই এ এছ বিষয়া, অসমৰ ৰাজ্যপালৰ সচিব স্বপ্না দত্ত ডেকা ৰচিত আৰু ৰূপান্তৰ বৰপাত্ৰ গোঁহাই পৰিচালিত নাটক ‘মায়া বৰুৱা কিয় আহিছিল’। আৰম্ভণিতে মঞ্চ উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ পোনা মহন্তই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ডঃ পোনা মহন্তই ৰাজ্যপালৰ সচিবৰ দৰে দায়িত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিও তাৰ মাজতে এনে ধৰণৰ উচ্চমান বিশিষ্ট নাট দৰ্শকক উপহাৰ দিয়া বাবে স্বপ্না দত্ত ডেকাৰ শলাগ লয়।
অনুষ্ঠানত সিদ্ধাৰ্থ মুখাৰ্জী , উৎপল দত্ত , অনুপজ্যোতি চৌধুৰী, হৰেশ চন্দ্ৰ দত্তকে ধৰি সাংস্কৃতিক জগতৰ লগত জড়িত কেবাগৰাকী পুৰোধা ব্যক্তি উপস্থিত থাকে। ইফালে কিছুদিন আগতে সংঘটিত এক সত্য ঘটনাৰ আলমত স্বপ্না দত্ত ডেকাৰ ৰচিত নাটকৰ বিষয়বস্তু আৰু উপস্থাপনে দর্শকৰ হৃদয় চুই যাবলৈ সক্ষম হৈছে। নাটখনৰ পৰিচালনাত আংগিকৰ প্ৰয়োগ, পোহৰ প্ৰক্ষেপন, সংগীত আৰু অন্যান্য কলা কৌশলৰ সফল প্ৰয়োগেৰে পৰিচালকৰ প্ৰচেষ্টা শলাগিবলগীয়া। এখন বলিষ্ঠ অথচ সহজ পাণ্ডুলিপিৰ মঞ্চত উপস্থাপনত অভিনয়ৰ ক্ষেত্ৰত এমেচাৰ শিল্পীসকলৰ প্ৰচেষ্টা প্ৰশংসনীয়। দুই এজন নতুন শিল্পীৰ অভিনয়, উচ্চাৰণ আদিৰ উন্নীতকৰণৰ অবশ্যেই থল আছে। দুয়োটা দৰ্শনীতে ভৰপূৰ প্ৰেক্ষাগৃহৰ সংবেদনশীল মান্য দৰ্শকৰ উপস্থিতিয়ে স্বাভাবিকতেই নাট্যদলটিক অনুপ্রাণিত কৰে। ব্যক্তিৰ বিকাশত মানুহৰ প্ৰেম, সাহচৰ্য্য, বন্ধুত্ব, মমকে আদিকৰি আৱেগিক নিৰাপত্তাৰ চিৰন্তন প্ৰয়োজনীয়তা আৰু বৈষয়িক সম্পৰ্কত থকা এই অভাবৰ অবস্থিতিৰ প্ৰকাশৰ নাট্যকাৰৰ প্ৰয়াস শলাগিবলগীয়া।
উল্লেখযোগ্য যে পথাৰ – গুৱাহাটীয়ে প্ৰায় কুৰি বছৰ ধৰি নাট্যকর্মত নিয়োজিত আৰু দুলীয়াজানত অৱস্থিত “পথাৰ”ৰ এটি শাখা। ২০২০ বৰ্ষৰ পৰা গুৱাহাটীত জন্ম হোৱা এই শাখাৰ এইখন তৃতীয় নাটক। আনহাতে সাংস্কৃতিক কর্মী হিচাপে নীৰৱে নাট্য সাহিত্যৰ চৰ্চা কৰি অহা স্বপ্না দত্ত ডেকাই ছাত্রবস্থাৰে পৰা নাটক ৰচনা কৰাৰ উপৰিও মাজে সময়ে মঞ্চত বলিষ্ঠ আৰু জীৱন্ত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনকি ৰাজ্যপালৰ সচিবৰ দৰে অতি গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হলেও তাৰ মাজতো স্বপ্না দত্ত ডেকাই নাট্য চৰ্চা অব্যাহত ৰাখিছে।