২০২২ বৰ্ষৰ অস্কাৰ বঁটা প্ৰদান মঞ্চত ঘটিল এক অঘটন! শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰা উইল স্মিথে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ ঘোষক ক্ৰিছ ৰকৰ গালত শোধালে প্ৰচণ্ড চৰ। এই আকস্মিক ঘটনাত উপস্থিত সকলো হতবাক হৈ পৰে। উল্লেখ্য যে, ক্ৰিছ ৰকে উইল স্মিথৰ পত্নী জেডা পিংকেট স্মিথক লৈ তাচ্ছিল্য ভৰা মন্তব্য কৰাৰ বাবে খঙত তিঙিৰি তুলা হৈ পৰিল উইল স্মিথ।
তেওঁ উইল স্মিথৰ পত্নীৰ চুলিক লৈ কৌতুক কৰিছিল। ক্ৰিছ ৰকে কয় যে পৰৱৰ্তী ‘জি আই জেন’ ছবিত জেডা স্মিথে অভিনয় কৰিব। ‘জি আই জেন’ ছবিখনত ডেমি মুৰে অভিনয় কৰিছিল। ছবিখনত ডেমিৰ মুৰত চুলি নাছিল। ইপিনে, জেডাৰ মুৰতো চুলি নাই। কিন্তু সেয়া আন কাৰণত নহয়, জেডা এল’পেচিয়াত আক্ৰান্ত হোৱাৰ বাবেহে তেওঁৰ মূৰৰ চুলি নাই। ক্ৰিছৰ এনে কৌতুকত খঙত জ্বলি উঠে উইল স্মিথ। তেওঁ মঞ্চলৈ উঠি গৈ ক্ৰিছৰ গালত প্ৰচণ্ড চৰ শোধায়।
বহুতেই এয়া প্ৰথমতে স্ক্ৰীপ্টৰ অংশ বুলি ভাবিছিল যদিও পাছত দেখা যায় যে উইল স্মিথ সঁচাকৈয়ে খঙত অগ্নিশৰ্মা হৈ পৰিছে। তেওঁ ক্ৰিছক গালি দি কয় যে মোৰ পত্নীৰ নাম পুনৰ যাতে আপোনাৰ মুখৰ পৰা এনেধৰণৰ কথা নোলায়। ক্ৰিছে উত্তৰত কৈছিল যে, এয়া মাত্ৰ ধেমালিহে আছিল, আগলৈ তেওঁ এনে নকৰে।
উল্লেখ্য যে উইল স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা গ্ৰহণ কৰি মঞ্চতে আৱেগিক হৈ কান্দি উঠিছিল উইল স্মিথ। উইলে ক্ৰিছ ৰকৰ গালত মৰা প্ৰচণ্ড চৰৰ ঘটনাটো বৰ্তমান টুইটাৰ ট্ৰেণ্ডিঙত আছে।