নিউয়ৰ্ক চহৰত আন্তঃৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠিল অসমৰ চহকী পাট-মুগাৰে বোৱা কাপোৰ৷ তাঁতশালত হাতে বোৱা অনুপম চানেকিৰে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় স্তৰত সুনাম অৰ্জন কৰা প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তই অলপতে খোজ দিলে বিশ্বৰ অন্যতম জনপ্ৰিয় নিউয়ৰ্ক ফেশ্বন উইকৰ ৰেম্পত।
মাৰ্কিন যুক্তৰাষ্টৰ নিউয়ৰ্ক চিটীৰ মানহাটত অনুষ্ঠিত ‘নিউয়ৰ্ক ফেশ্বন উইক-২০২২’ত এইবাৰ সংযুক্তা দত্তৰ ফেশ্বনৰ মূল বিষয়বস্তু হৈছে- “আলফুল” শীৰ্ষক ডিজাইন। “আলফুল” নামেৰে সৃষ্টি কৰা এই অপৰূপ ডিজাইনত আছে অসমৰ প্ৰতীক পাট-মুগাৰ হাতে বোৱা মেখেলা-চাদৰ, বিশেষ শাৰী, গাউনছ, দ্ৰেপ-স্কাৰ্ট আৰু লেহেংগাৰ সম্ভাৰ।
ইয়াৰ লগতে অসমৰ থলুৱা শিপিনীৰ আত্মনিৰ্ভৰশীলতাৰ আন এক নতুন পথো মুকলি কৰিছে ডিজাইনাৰ সংযুক্তা দত্তই। বলিউডৰ অভিনেত্ৰী হেমা মালিনী, কৰিশ্মা কাপুৰ, জেৰিন খান, বিপাশা বসু, প্ৰীতি জিণ্টা আদিয়ে দেশৰ অন্যতম জনপ্ৰিয় ফেশ্বন শ্ব’ লেকমে ফেশ্বন শ্ব’ উইক, এফ ডি চি আইসহ একাধিক প্ৰসিদ্ধ ফেশ্বন শ্ব’ৰ ৰেম্পত সংযুক্তা দত্তই প্ৰস্ত্তত কৰা পাট-মুগাৰ ডিজাইনৰ বস্ত্ৰৰে বিশ্বৰ কোটি কোটি লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ বাবে নিউয়ৰ্ক ফেশ্বন উইকৰ তালিকাত আন্তৰ্জাতিক পৰ্যায়ৰ একাংশ বিখ্যাত ফেশ্বন ডিজাইনাৰৰ সৈতে অসম কন্যা সংযুক্তা দত্তৰ নাম অন্তৰ্ভুক্ত হোৱাটোৱে স্বাভাৱিকতে ৰাজ্যখনৰ বাবে ভাল খবৰ।