উত্তৰ-পূবৰ বহু প্ৰতীক্ষিত ফেশ্বন অনুষ্ঠান ‘উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় ফেশ্বন সপ্তাহ ২০২১ (NEIFW)’ৰ অলপতে গুৱাহাটীত সফল সমাপ্তি ঘটে। গুৱাহাটীৰ বৰবাৰীস্থিত ব্লু পেৰাডাইজত অনুষ্ঠিত দুদিনীয়া অনুষ্ঠানৰ উদ্বোধন কৰে অসম আৰক্ষীৰ বিশেষ ডিজিপি(টি এ পি) তথা বিটিচিৰ আই জি পি এল আৰ বিষ্ণইয়ে। “সকলোৰে বাবে ফেশ্বন” শীৰ্ষক বাণীৰে অনুষ্ঠিতব্য এই ফেশ্বন অনুষ্ঠানটো আছিল সৃজনশীলতা আৰু ফেশ্বনেৰে ভৰা। চুবুৰীয়া দেশ আৰু বিভিন্ন সংস্কৃতিৰ লোকসকলৰ সহযোগত এই অনুষ্ঠানটো যুৱ প্ৰতিভাসকলৰ বাবে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন আৰু বিশ্বব্যাপী আগ্ৰহ জয় কৰাৰ বাবে এক উৎকৃষ্ট মঞ্চ ৰূপে বিবেচিত হৈছে। উত্তৰ-পূব আন্তৰ্জাতিক ফেশ্বন সপ্তাহ ২০২১ৰ ষষ্ঠ ছিজনত- মনীষা ৰাজবংশী, সুস্মিতা মণ্ডল (নেপাল), পায়েল বিশ্বাস (পশ্চিম বংগ), গীতাৰ্থ কাশ্যপ, অনুৰাধা জৈন, পূৰ্ণাধি কাৰ্তা, হুয়াংপি ৰাণী গোহাঁই, সুভ্ৰা ঘোষ, অনিতা মাদ্দিপতলা (চেন্নাই), নাবাম য়াছিং, টয়ংগাম খাংগাম কেংগাম ডকে (অৰুণাচল প্ৰদেশ), পূৰবী বৰা, সুজাতা বড়ো, হাইনা নাৰ্জাৰী, গীগী-লাজ্জু লেপচা (ছিকিম), ৰিচা ৰাভা, অলিম্পিকা সোণোৱাল, নোয়েলানি মুচাহাৰী, কাজল কুমাৰী, ৰাখী সিহ্না (শিলিগুৰি), দেবি দে, ঈশা আগৰৱালা (পশ্চিম বংগ) চনি চাহানী চৌধুৰী (শিলিগুৰি), মৰিকা মাৰাক, জাৰিকগাম এ গিটোক চাংমা (মেঘালয়), ঋতিদীপ্ত ৰয়, এনিশা শৰ্মা , ৰূপা শংকৰ (নেপাল), ৰাশি জৈন, শ্বাহিন পাৰবীন, আৰবিন টনজাম (মণিপুৰ), ৰূপু বৰুৱা, আফছানা হুছেইন, ৰাজলক্ষ্মী পল, দিব্যা ভাৰতীয়া, মেধা (কলকাতা), আলোকা ৰাভা, মুন্মী বৰুৱা, হীনা মৌৰ, জ্যোতি বেইপি, মিণ্টি টুংজাংপি (কাৰ্বি আংলং), পৰশ মনি ভূঞা আৰু লেকমে ফেশ্বন সপ্তাহৰ পৰা ভাৰতৰ দুজন অতি বিশিষ্ট ডিজাইনাৰে (পল্লৱী/ দিপ্তী) ৰ দৰে উচ্চাকাংক্ষী ফেশ্বন ডিজাইনাৰ উপস্থিত আছিল। ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষৰ অধীনত ক্ৰিয়েটিভ পিপলে ভাৰতৰ উত্তৰ-পূবৰ অন্যতম শ্ৰেষ্ঠ ফেশ্বন ডিজাইনাৰ আৰু ফেশ্বন কোৰিঅ’গ্ৰাফাৰৰ দ্বাৰা এই সুন্দৰ অনুষ্ঠানটো পৰিচালনা আৰু আয়োজন কৰে।