পেনছিলভেনিয়া ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষক ডা: জোছুৱা লেম্বাৰ্ট আৰু তেওঁৰ সহযোগীসকলে কৰা অধ্যয়নত গ্ৰীণ টি ত এপিগেল’কেটচিন ৩ গেলেট (ই জি চি জি) নামৰ এবিধ পদাৰ্থ থকাৰ কথা জানিব পাৰে। এই ই জি চি জি ৰ কৰ্কট ধ্বংস কৰা অদ্ভুত ক্ষমতা আছে। অধ্যয়নৰ কালত গৱেষকসকলে জানিব পাৰিছে যে মুখৰ কৰ্কট ৰোগীয়ে গ্ৰীণ টি পান কৰা মাত্ৰেই এই ই জি চি জিয়ে কৰ্কট কোষ ধ্বংসৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়ে।
আশ্বৰ্যকৰ কথাটো হ’ল যে, এই পদাৰ্থবিধে আকৌ সুস্থ কোষৰ কোনো অনিষ্ট সাধন নকৰে। গৱেষক ডা: লেম্বাৰ্টৰ মতে তেওঁলোকে অদ্যাপি এই কথা বুজিবলৈ সক্ষম হোৱা নাই যে, ই জি চি জি য়ে সুস্থ কোষক এৰি কৰ্কট কোষ ধ্বংসক কিয় লক্ষ্য হিচাপে লয়। সমান্তৰালকৈ গৱেষকৰ দলটোৱে এই কথাও জানিবলৈ অধ্যয়ন অব্যাহত ৰাখিছে যে ই জি চি জিয়ে কেৱল মুখৰ কৰ্কট কোষৰ ওপৰতে আক্ৰমণ চলায় নে শৰীৰৰ আন অংশৰ কৰ্কট কোষৰ ওপৰতো সমানেই আক্ৰমণ চলাবলৈ সক্ষম।