বাস্তু শাস্ত্র অনুসৰি ঘৰ এখন পৰিস্কাৰ কৰি ৰখাৰ লগতে কিছুমান কথাত গুৰুত্ব দিয়াটো বিশেষ প্ৰয়োজনীয়৷ আপোনাৰ ঘৰখন আৰু ঘৰৰ চৌহদত এনে কিছুমান সামগ্ৰী আছে, যাৰ দ্বাৰা বাস্তু শাস্ত্র অনুসৰি অমংগল হব পাৰে বুলি ভবা হয়। এনে সামগ্ৰীয়ে ঘৰখনত অভাৱ আৰু নাটনিয়ে নধৰা হোৱাৰ লগতে সকলোতে বিফলতা আৰু সমাজত সকলোৰে পৰা লাঞ্ছিত হব লগা হয়। এনে ছবিধ বস্তু যিসমূহ ঘৰত আৰু ঘৰৰ চৌহদত থাকিলে বেয়া –
- বন্ধ কৰা পাছতো টোপটোপ কৈ পানী পৰি থকা পানীৰ টেপ নাৰাখিব। নহলে ঘৰখনলৈ দৰিদ্ৰতা আহিব। এনে বস্তু থকা ঘৰত টকা পইচা ধৰি ৰাখিব নোৱাৰিব। টোপ টোপকৈ হাতৰ পৰা ওলাই যাব। আৰু চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহয়।
- ঘৰৰ দেৱাল বা চাদ যদি ফাটিছে বা এৰি গৈছে তেতিয়া হলে তেনেকৈ বহুদিন নাৰাখিব। সোনকালে মেৰামতি কৰাই লব। নহলে ঘৰখনত অশুভ শক্তিয়ে বাহ লব। ধন, অৰ্থ, গৃহক প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ হৈ যাব। ঘৰখনত অপাই অমংগল, কাজিয়া পেচালেৰে ভৰি পৰিব।
- ঘৰৰ চুকত বাদুলিৰ বাহ লোৱা আৰু বাহ নললেও ঘৰলৈ বাদুলিৰ আহ-যাহ অমংগল। এনে হলে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব। ঘৰখনত সদায়ে বেমেজালি লাগি থাকিব বুলি কোৱা হয়।
- ঘৰত ভঙা চিঙা আইনা বা কাচৰ টুকুৰা, ভাঙি যোৱা বাল্ব, বটল আদি নাৰাখিব। আইনা হৈছে আমাৰ চেহেৰাৰ প্ৰতিবিম্ব প্ৰতিফলন কৰা এবিধ পদার্থ। ইয়াক ভঙা অৱস্থাত ঘৰত ৰাখিলে, ঘৰখনত অশুভ শক্তিৰে ভৰি পৰিব৷
- ঘৰত মকৰাৰ জাল বন্ধা অতি অশুভ। ঘৰখন মকৰা জালেৰে ভৰি থাকিলে, আহিব লগা ধন সম্পদ হাত লগাৰ আগেয়ে হেৰাই যাব। মকৰাই মেৰিয়াই মেৰিয়াই জাল দিয়াৰ দৰে, অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰিব। এনে ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নঘটে।
- মন্দিৰৰ থাপনাত ফুল তুলসী দিলে পিছদিনা ৰাতিপুৱাই চাফা কৰিব। মন্দিৰৰ থাপনা বাদেই, মন্দিৰৰ অইন ঠাইটো, মোনা আদিতো বাহি হোৱা ফুল নাৰাখিব। নহলে আপোনাৰ ঘৰলৈ অশুভ শক্তিৰ প্ৰভাৱ ঘটিব।