ব্ৰাহ্মী শাক আমাৰ সকলোৰে পৰিচিত।
গ্ৰাম্য অঞ্চলৰ প্ৰত্যেকঘৰতে ব্ৰাহ্মী শাক সহজলভ্য।
শাকত ভিতৰত ব্ৰাহ্মী শাক প্ৰসিদ্ধ শাক।
ব্ৰাহ্মী শাক সাধাৰণতে চেঁচুকীয়া অঞ্চলত তথা সেমেকা ঠাইত হয়।
ব্ৰাহ্মী শাক বিশেষকৈ শিশুক ঘিউৰ লগত ভাজি খুওৱা হয়।
ব্ৰাহ্মী শাকৰ উপকাৰিতাসমূহঃ
- ব্ৰাহ্মী শাক শিশুক ভাজি খুৱালে স্মৃতিশক্তি বৃদ্ধি হয়।
- ব্ৰাহ্মী শাক বসন্ত ৰোগত বৰ উপকাৰী।
- মাত ভঙা বা স্বৰভংগ ৰোগত ব্ৰাহ্মী শাকৰ ৰস মৌজোলৰ লগত খাব লাগে।
- প্ৰস্ৱাৱ বন্ধ হ’লে ব্ৰাহ্মী শাকৰ ৰস খাই দিলে প্ৰস্বাৱ খোলোচা হয়।
- ব্ৰাহ্মী শাকত ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক।
- স্নায়ুৰ দুৰ্বলতা থকা লোকে ব্ৰাহ্মী শাক প্ৰত্যেকদিনাই গ্ৰহণ কৰিব লাগে।
- ধাতু দুৰ্বল ৰোগত ব্ৰাহ্মী শাকৰ ৰস খাব লাগে।
- সৰু ল’ৰা-ছোৱালীৰ কাঁহ হৈ বুকু বিষ হ’লে ব্ৰাহ্মী শাকৰ ৰস মৌজোলৰ লগত খাব লাগে।
- উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে ব্ৰাহ্মী শাক উপকাৰী।
- ব্ৰাহ্মী শাক মৃৰ্গী ৰোগৰ বাবে অতিকৈ উপকাৰী।
- ব্ৰাহ্মী শাকে কোষ্ঠ কাঠিন্য ৰোগ নিৰ্ণয় কৰে।
- ব্ৰাহ্মী শাক খালে আয়ুস বৃদ্ধি হয় বুলি কয়।