ধুমপান স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি জানিও ইয়াৰ প্ৰতিদিনে ব্যৱহাৰ কৰা হয়। ভাৰতত ধপাত সেৱনৰ বাবেই ক্ৰমে ৫৬.৪ শতাংশ আৰু ৪৪.৯ শতাংশ পুৰুষ আৰু মহিলাৰ কেঞ্চাৰ ৰোগ হয়।ভাৰতত ধপাত সেৱনৰ বাবেই সকলোতকৈ অধিক সংখ্যক লোক মুখৰ ভিতৰ হোৱা কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়। হাওঁফাওঁৰ কেঞ্চাৰৰ ৯০ শতাংশ ধুমপান কৰাৰ ফলত হোৱা দেখা যায়।
এক সমীক্ষা অনুসৰি ধপাত সেৱনৰ বাবে প্ৰতি ৮ ছেকেণ্ডত এজনৰ মৃত্যু হয়। ভাৰতত প্ৰতি বছৰে ধপাত সেৱনৰ ফলত হোৱা ৰোগত ৮,০০,০০০ৰ পৰা ৯,০০,০০০ লোকৰ মৃত্যু হয়। কৈশোৰ অৱস্থাত ধুমপান নকৰিলে এজন মানুহে ২০ বছৰ বেছি জীয়াই থাকিব পাৰে। কৈশোৰ অৱস্থাত ধপাত সেৱন কৰাসকলৰ চাৰিভাগৰ এভাগৰ মাজবয়সতে মৃত্যু হয় আৰু চাৰিভাগৰ এভাগ বৃদ্ধাৱস্থাত মৃত্যু হয়। দিনক দিনে ধপাত সেৱন জাতীয় ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে প্ৰতিবছৰে ভাৰতত বাঢ়িব ধৰিছে।
ধুমপান সেৱন কৰিলে পুৰুষে যৌন ক্ষমতা হেৰুৱাই পেলাব পাৰে। মহিলাই ধপাত বা ধুমপান কৰাৰ ফলত শৰীৰত এষ্ট্ৰোজেনৰ পৰিমাণ কমি যায়। ফলত মহিলাগৰাকীৰ সময়তকৈ আগতে ঋতুস্ৰাৱ প্ৰক্ৰিয়া বন্ধ হৈ যায়।যিসকল মহিলাই গৰ্ভনিৰোধ ঔষধ খায়, তেনে মহিলাই ধুমপান কৰিলে ষ্ট্ৰক হোৱাৰ ভয় অতি বেছি থাকে।
ধুমপান কেনেকৈ এৰিবঃ
- চিগাৰেট, পান, জৰ্দা, ঘুটকা চকুত নপৰাকৈ লুকুৱাই থব লাগে।
- পান, চিগাৰেট খোৱাসকলৰ কাষত বাবে যদি খাবলৈ ইচ্ছা জন্মে তেন্তে তেনে লোকৰ পৰা আঁতৰি থাকিব লাগে।
- অনবৰতে মুখত চুইংগাম, মিঠা লজেঞ্চ, পিপাৰমিন্ট আদি লৈ থকাৰ অভ্যাস কৰিব লাগে।
- দীঘল উশাহ লৈ থাকিব লাগে।
- এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ’লেই এগিলাছ পানী বা সাধাৰণ ব্যায়াম কৰিলেও ইচ্ছাটো কমি যায়।
- এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ’লেই নিজৰ সন্তানৰ কথা চিন্তা কৰিব লাগে। ধপাতজনিত কিবা ডাঙৰ
- ৰোগত মৃত্যু হ’লে সন্তান আৰু পৰিয়ালৰ কি অৱস্থা হ’ব চিন্তা কৰিব লাগে।
- এটা নিৰ্দিষ্ট দিনৰপৰা এইবোৰ ত্যাগ কৰাৰ সিদ্ধান্ত লব লাগে।
- এইবোৰ ত্যাগ কৰিবলৈ আনৰ সহায় লব লাগে।
- নিজৰ যোগাত্মক কথা চিন্তা কৰা।
- মন শান্ত ৰাখিবলৈ সদায় যোগ, খোজকঁঢ়া, ব্যায়াম, গান-বাজনা আদি কৰা।
- চাহ, কফি আৰু মদ নিয়ন্ত্ৰণ কৰা।
- সদাই কাৰ্য্যক্ষম আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা।