ফেংচুই শব্দৰ অৰ্থ হ’ল বায়ু আৰু পানী। আহক আমি জানো ফেংচুই বা বাস্তু -শাস্ত্ৰৰ কিছু উপায় বা পদ্ধতিৰ বিষয়ে।
চীন দেশত বাস্তু -শাস্ত্ৰক বহু মান্যতা দিয়া হয় আৰু বৰ্তমান বিশ্বৰ প্ৰায় সকলোবোৰ দেশতেই ফেংচুই বা বাস্তু -শাস্ত্ৰ জনপ্ৰিয় হৈ পৰিছে। ঘৰ নিৰ্মাণ তথা ঘৰত ৰখা বস্তু সমূহৰ বিষয়ে ইয়াত গুৰুত্ব দিয়া হয়। বাস্তু -শাস্ত্ৰ পঞ্চতত্বৰ ওপৰত আধাৰিত। বাস্তু শাস্ত্ৰৰ দৰে ফেংচুইতো ঘৰ আৰু ইয়াৰ আশে-পাশে থকা বস্তুসমূহৰ বিষয়ে কোৱা হয়।
ইয়াত সেইসমূহ বস্তুৰ বিষয়ে কোৱা হয় যিবোৰ ঘৰত ৰাখিলে ” গুড্ লাক্” ( ভাল দিন) আহি যায়। ফেংচুইৰ অনুসৰি কোনো ঘৰত ” চী” অৰ্থাৎ প্ৰাণ শক্তিৰ প্ৰৱেশ তেতিয়াহে হ’ব যেতিয়া তাৰ মূখ্য দোৱাৰ সঠিক ৰূপত থাকিব। ফেংচুইৰ দ্বাৰা কোৱা বিভিন্ন উপায়সমূহৰ পৰা আমি সৌভাগ্যৰ প্ৰাপ্তি কৰিব পাৰোঁ। ফেংচুইৰ মতে বায়ুত যেতিয়া বিম্ব চাইস্ম(সজোৱা বস্তু) বাজে তেতিয়া ঘৰখন সুখ -সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ পৰে আৰু অনেক প্ৰকাৰৰ বাস্তু দুখ আঁতৰ হয়।
ফেংচুইত বিম্ব চাইস্ম, ক্ৰিস্টল, ড্ৰেগণ, লাফিং বৌদ্ধ, প্লাষ্টিকৰ ফুল, কাছ, জাহাজ, মুদ্ৰা আদিৰ বহুত মহত্ব আছে। ইয়াক নিজৰ ঘৰ বা অফিচৰ কোনো নিৰ্ধাৰিত ঠাইত ৰাখিলে সৌভাগ্যৰ প্ৰাপ্তি হোৱাৰ লগতে সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ’ব পাৰি।
- লাফিং বৌদ্ধঃ লাফিং বৌদ্ধক ফেংচুইত বহুত শুভ বুলি গণ্য কৰা হয়। লাফিং বৌদ্ধৰ মূৰ্তি ড্ৰয়িংৰূমৰ ঠিক সন্মুখত ৰাখক, যাতে ঘৰত সোমায়েই প্ৰথম দৃষ্টি তাতেই পৰে। ই ঘৰলৈ সৌভাগ্য আনে বুলি বিশ্বাস কৰা হয়।
- ডাইনিং টেবুলঃ ফেংচুইৰ কিছুমান উপায় ডাইনিং টেবুলতো কৰিব লাগে। গোলাকাৰ ডাইনিং টেবুল ফেংচুইত শুভ বুলি মনা হয়। গতিকে ঘৰলৈ এনে ধৰণৰ টেবুল আনিব লাগে কিন্তু চকীৰ সংখ্যা সমান হ’ব লাগে।
- ফেংচুইৰ মুদ্ৰাঃ ঘৰৰ দৰ্জাৰ হেন্দেলত ফেংচুই মুদ্ৰা ওলমাই ৰাখিলে ঘৰলৈ ধন সম্পত্তি আৰু সৌভাগ্য আহে। তিনিটা পুৰণি ফেংচুই মুদ্ৰা ৰঙা ৰঙৰ সূতা বা ফীটাত বান্ধি ওলমাই থলে ঘৰৰ সকলো লোকেৰে লাভ হয়। মনত ৰাখিব যে, এই মুদ্ৰা ঘৰৰ ভিতৰৰ ফালে উলমাব লাগে,বাহিৰৰ ফালে নহয়।
- মাছৰ একুৰিয়ামঃ ফেংচুইত মাছ সফলতাৰ প্ৰতীক। ফেংচুইৰ অনুসৰি ঘৰত মাছৰ একুৰিয়াম ৰাখিলে সুখ-সমৃদ্ধি আহে। ঘৰত এটা সৰু একুৰিয়ামত সোণালী ৰঙৰ মাছ ৰাখিলে সৌভাগ্যৰ অৰ্জন হয়।
- বেম্বৌ ট্ৰী বা বাঁহ গছঃ ঘৰত নিগেটিভ শক্তিৰ সৈতে যুঁজিবলৈ বেম্বৌ ট্ৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ। বেম্বৌ ট্ৰীয়ে ঘৰত সকৰাত্মক বা যোগাত্মক শক্তি বৃদ্ধি কৰে। ইয়াক আপুনি নিজৰ অফিচ বা ঘৰত থলে লাভৱান হ’ব পাৰিব।
- নিমখ বা ফিটকিৰিঃ বাথৰূমত এটা পাত্ৰত নিমখ বা ফিটকিৰি ৰাখক। প্ৰত্যেক মাহে সেই পাত্ৰৰ নিমখখিনি সলনি কৰক। কোৱা হয় যে এই নিমখে বায়ুত থকা নকৰাত্মক শক্তিক দূৰ কৰি নিজৰ ভিতৰত সমাহিত কৰি লয়।