ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ বেছিভাগ ৰাজ্যত প্ৰচণ্ড গৰমৰ মাজতে বহুকেইখন ৰাজ্যত বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। আইএমডিৰ পূৰ্বানুমান অনুসৰি উত্তৰ-পূবৰ অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম, দক্ষিণৰ ৰাজ্য তামিলনাডু আৰু কেৰালাত এই সপ্তাহত বৰষুণ হ’ব পাৰে।
পৰৱৰ্তী পাঁচদিনত ত্ৰিপুৰাতো বৰষুণ হ’ব পাৰে। আনহাতে, উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব আৰু হাৰিয়ানাত অনাগত দিনত পাৰা আৰু বৃদ্ধি পাব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে ১২ এপ্ৰিলৰ নিশাৰ পৰা পশ্চিম হিমালয় অঞ্চলত এক নতুন পশ্চিমীয়া বতাহৰ দ্বাৰা প্ৰভাৱিত হ’ব, যাৰ ফলত উত্তৰ-পশ্চিম ভাৰতৰ বহু ঠাইত সৰ্বাধিক তাপমাত্ৰা ২ৰ পৰা ৩ ডিগ্ৰী চেলচিয়াছ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।
এই বতৰ ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ ভিতৰত আছে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা। পৰৱৰ্তী ৫দিনত এই ৰাজ্যবোৰত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে৷
আইএমডিয়ে অহা ৪ দিনৰ ভিতৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণৰ ভৱিষ্যতবাণী কৰিছিল। ১৩ আৰু ১৪ এপ্ৰিলত অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। একে সময়তে, ১৩ আৰু ১৪ এপ্ৰিলত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ১৩ আৰু ১৪ এপ্ৰিলত বৰষুণ হ’ব পাৰে।