অসম, হিমাচল প্ৰদেশ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশৰ উপকূলীয় অঞ্চল আৰু উৰিষ্যাৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ ভৱিষ্যত বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে।
উল্লেখ্য য, দেশৰ বিভিন্ন ৰাজ্যত তীব্ৰ গৰমৰ প্ৰাদুৰ্ভাৱ হৈছে। হিটৱেভৰ ফলত, মানুহৰ বাবে বাহিৰ লৈ ওলোৱা কঠিন হৈ পৰিছে। এনে পৰিস্থিতিত, সকলোৱে যেন বাৰিষালৈ অপেক্ষা কৰি আছে। অৱশ্যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে কৈছে যে এইবাৰ সময়ৰ আগতেই দেশত বাৰিষা আহিব। আইএমডি মুম্বাই বিভাগৰ মুৰব্বী জয়ন্ত সৰকাৰে কৈছিল যে, এইবাৰ বাৰিষা কেৰালাত কেৱল ২৭ মে’তহে আহিব। সাধাৰণতে ১ জুনত বাৰিষা কেৰালা উপকূলত উপস্থিত হয়। যোৱা বছৰ ৩ জুনৰ আশে পাশে বাৰিষাই কেৰালাত আঘাত কৰিছিল, কিন্তু এই বছৰ ই সোনকালে আহি পোৱাৰ সম্ভাৱনা আছে। লগতে তেওঁ কয় যে, এইবাৰ ঋতুকালীন মৌচুমী বৰষুণ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে আৰু ৯৯ শতাংশ বৰষুণ হ’ব। ইয়াৰ পিছত, কোঙ্কন আৰু গোৱা অঞ্চলত ৫ দিনৰ বাবে পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আনহাতে ৰাজ্যখনৰ আন অংশতো বিক্ষিপ্ত পাতল বৰষুণ হ’ব।
আই.এম.ডি.-ৰ মতে, দক্ষিণ-পশ্চিম মৌচুমী বায়ু সময়ৰ অলপ আগতে আৰৱ সাগৰত উপস্থিত হ’ব। অহা ৪৮ ঘণ্টাৰ ভিতৰত দক্ষিণ পশ্চিম আৰৱ সাগৰ, মালদ্বীপ, বংগোপসাগৰৰ দক্ষিণ উপসাগৰ আৰু অঞ্চলটোৰ উত্তৰ অংশত বাৰিষা আহি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱ আমাৰ ৰাজ্য আসমতো যথেষ্ট পৰিব। অৱশ্যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত একেৰাহে কেইবাদিনো ধৰি বৰষুণ হৈয়ে আছে।