দাঁতৰ বিষৰ কষ্ট যিয়ে এবাৰ ভোগ কৰিছে তেওঁহে বুজি পায় কিমান যন্ত্ৰণাদায়ক এই বিষ ৷
বিভিন্ন কাৰণত যিকোনো বয়সৰ লোকৰে দাঁতৰ ৰোগ হ’ব পাৰে ৷
দাঁতৰ সমস্যাই দেখা দিলে আমি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷
কিন্তু চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈয়ো ঘৰুৱা উপায়ৰ সহায়ত এই বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷
সাধাৰণতে ঘৰতেই উপলব্ধ কেইটামান উপাদানে আপোনাক দিব পাৰে এই যন্ত্ৰণাৰ পৰা কিছু সকাহ ৷ সেইসমূহ হৈছে-
গ্ৰীণ টিঃ
গ্ৰীণ টি যিদৰে আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী, তেনেদৰে দাঁতৰ বিষতো ই আমাক যথেষ্ট সহায় কৰে ৷ গ্ৰীণ টিত থকা লীবজ কুল, টেনিন এছিড আৰু কেটছিনে দাঁতৰ বিষৰ পৰা আৰাম পোৱাত সহায় কৰে ৷ তিনিটামান চাহপাতৰ কলি ভালদৰে পৰিষ্কাৰ কৰি পাঁচমিনিটমান চুবাই থাকিব লাগে আৰু দিনটোত এই প্ৰক্ৰিয়াটো তিনিবাৰকৈ কৰিলে দাঁতৰ বিষৰ পৰা হাত সাৰিব পাৰি ৷
তিঁয়হঃ
তিঁয়হ ভালদৰে ধুই নিমখৰ লগতে খালেও দাঁত বিষ কম হয় ৷ তিঁয়হে দাঁতৰ বিষৰ লগতে ফুলি থকা দাঁতৰ আলুৰ সমস্যাও দূৰ কৰাত সহায় কৰে ৷
নহৰুঃ
নহৰুত এণ্টি বায়টিক উপাদান যথেষ্ট পৰিমাণে পোৱা যায় ৷ যিয়ে বিষৰ পৰা উপশম পোৱাত আমাক সহায় কৰে ৷ নহৰুৰ পাউদাৰ অথবা নহৰু পিচি নিমখৰ লগত মিহলাই দাঁতৰ বিষ হোৱা অংশত পাঁচমিনিটত সময় লগাই থ’লে তাৎক্ষণিক সুফল পোৱা যায় ৷
মধুৰিআমৰ কলিঃ
মধুৰিআমৰ কলি বা পাত পিচি লগাই দিলেও দাঁত বিষৰ পৰা তাৎক্ষণিক পৰিত্ৰাণ পোৱা যায় ৷ মধুৰিআমৰ পাতত এণ্টি বেক্টেৰিয়েল প্ৰোপটীজ পোৱা যায় যি দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে ৷
আলুঃ
দাঁতৰ বিষ হ’লে কেচা আলু চোবাই দিলেও বিষৰ পৰা উপশম পাব পাৰি ৷ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় সকলো উপাদানেই আলুত মজুত থাকে ৷