আমাৰ দৈনিক ব্যৱহৃত বাচন-বৰ্তন আদিত ক’ব নোৱাৰাকৈয়ে বিভিন্ন ধৰনৰ দাগ লাগে। পিছে কিহৰ দাগ কিদৰে উঠাব পাৰি সেইবিষয়ে জনা থাকিলে বস্তুবিধ পুনৰ ব্যৱহাৰৰ উপযোগী হৈ পৰে। সুন্দৰ, চিকমিকীয়া হয়। তেন্তে আহক, বাচন-বৰ্তনত লগা কিদৰে উঠাব পাৰি জানি লওঁ –
১) পিতলৰ বাচন পৰিষ্কাৰ কৰিবলৈ নেমুৰ ৰসেই উত্তম উপাদান। ইয়াৰোপৰি সম পৰিমাণৰ ভিনেগাৰ আৰু পানী একেলগে মিহলাই পিতলৰ বস্তুবোৰ তাত কেইঘণ্টামান ডুবাই ৰাখক। তাৰ পিছত এডাল ব্ৰাছেৰে জোৰেৰে ঘঁহি ধুই পেলাওক। পৰিষ্কাৰ কোমল কাপোৰেৰে মচিলে চিকচিকীয়া হৈ পৰিব।
২) তামৰ বাচন পৰিষ্কাৰ কৰিবলৈ চৌকাৰ ছাই ব্যৱহাৰ কৰিব পাৰে ছাইৰ অভাৱত ফটা গাখীৰেৰেও বাচন ধুব পাৰে।
৩) এলুমিনিয়ামৰ বাচনবোৰ লেতেৰা হ’লে এটুকুৰা ফটা কাপোৰ নেমুটেঙাৰ ৰসত জুবুৰিয়াই লৈ ভালদৰে ঘঁহিব।
৪) কাঁহ-পিতলৰ বাচন তেঁতেলী আৰু নিমখ দি মাজিলে উজ্জ্বল চকচকীয়া হৈ পৰিব।
৫) ষ্টীলৰ বাচন আৰু কাঁহৰ বাচন চাউল ধোৱা পানীত লৈ কোমল জাবৰেৰে ঘঁহিলেই চাফা হয়।
৬) প্লাষ্টিকৰ বাচন বা আচবাব –পত্ৰবোৰ কেৰাচিন তেলেৰে ঘঁহি ধুই দিয়ক। দেখিব, চিকচিকীয়া হৈ পৰিছে।
৭) থাৰ্ম’ফ্লাক্স বা পানীৰ বটলৰ ভিতৰ ভাগ চাফা কৰিবলৈ অলপ গৰম পানী ভৰাই কিছু সময় থৈ দিয়ক। তাৰ পিছত কাগজ টুকুৰা-টুকুৰকৈ ফালি তাত ভৰাই পোন্ধৰ মিনিটমানৰ পিছত জোকাৰি উলিয়াই পেলাব। ভিতৰখন চাফা হৈ পৰিব।
৮) ননষ্টিক পেন চাফা কৰিবলৈ এটুকুৰা নেমু কাটি লওক। এই নেমুৰে ঘঁহি দিলে সহজতে চাফা হয়।
৯) দৈনিক ব্যৱহৃত কেৰাহীৰ ভিতৰত ডাঠ ক’লা চামনি পৰিলে দুটুকুৰামান নাৰিকলৰ বাকলি কেৰাহীত পুৰি দিবচোন। কেৰাহীৰ ভিতৰৰ ক’লা চামনি দূৰ হৈ যাব।
১০) যিকোনো বাচনত ৰঙচুৱা বৰণ ধৰিলে পুনৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ চাহ খোৱাৰ পিছত ৰৈ যোৱা চাহপাতখিনি পেলাই নিদি ডিটাৰজেণ্টৰ লগত মিহলাই ঘঁহিব।
১১) কেটলি, চচপেন আদিৰ তলিখন যদি ক’লা পৰি গৈছে, গৰমপানীত ৱাচিং চ’ডা মিহলাই লৈ চাফা কৰিব।
১২) যিকোনো বস্তু ৰন্ধাৰ পিছত গৰমে গৰমে পাত্ৰটো ধুই পেলাব। তেলৰ দাগ গুচাবলৈ সহজ হ’ব।