দীৰ্ঘদিনীয়া সম্পৰ্কত থকাৰ পিছতো, বহুতো পুৰুষে তেওঁলোকৰ প্ৰেমিকাক বিয়া কৰাব নোৱাৰে। ইয়াৰ আঁৰত তেওঁলোকৰ কিছুমান অভ্যাস। প্ৰেম এটা অত্যন্ত সুখী অনুভৱ, কিন্তু প্ৰেমৰ সম্পৰ্ক এটাক আগুৱাই নিয়াটো সহজ কাম নহয়। গোটেই জীৱন ইজনে সিজনৰ লগত সুখেৰে জীৱন অতিবাহিত কৰিব পাৰিব লাগিব, তাতহে প্ৰেমৰ সাৰ্থকতা। প্ৰেমৰ গন্তব্যস্থানত উপনীত হোৱাৰ পথ সহজ নহয়। প্ৰেমৰ পিছত যেতিয়া এই সম্পৰ্কটোক এটা নাম দিয়াৰ কথা আহে তেতিয়াই বহুতো সম্পৰ্ক শেষ হৈ যায়। পুৰুষসকলে প্ৰায়ে বিবাহৰ বিষয়ত অলপ দ্বিধা অনুভৱ কৰে। এয়া সকলো পুৰুষৰ ক্ষেত্ৰত নহয়, যিসকলে বহু বছৰ সম্পৰ্কত থকাৰ পাছতো এগৰাকী প্ৰেমিকাক বিয়া কৰাব নোৱাৰে, তেনে পুৰুষৰ পৰা আপোনালোক সাৱধান হব… তেওঁলোকৰ বিষয়ে অলপ জানো আহক..
বহুদিনীয়া সম্পৰ্কত পাছতো অভিভাৱকক প্ৰেমিকাৰ লগত চিনাকী নকৰোৱাঃ
বহুত দিন সম্পৰ্কত থকাৰ পিছত, প্ৰেমিক-প্ৰেমিকাই তেওঁলোকৰ সম্পৰ্কক আগুৱাই নিব বিচাৰে নে নিবিচাৰে সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে। এটা সম্পৰ্কক আন এটা পৰ্যায়লৈ লৈ যোৱাৰ অৰ্থ হৈছে বিবাহৰ দিশে সম্পৰ্কটোক আগবঢ়োৱা। এনে পৰিস্থিতিত, দুয়োজনে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে তেওঁলোকৰ পিতৃ-মাতৃক (অভিভাৱক) ক’ব লাগে। যদি আপোনাৰ সঙ্গীয়ে বহু বছৰৰ পিছতো তেওঁৰ পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্কক লুকুৱাই ৰাখে আৰু তেওঁলোকক সেইবোৰ জনাবলৈ অস্বীকাৰ কৰে, তেনেহ’লে বুজিব যে তেওঁ সম্পৰ্কটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আগ্ৰহী নহয়।
ঘৰৰ পৰা চাই দিয়া ছোৱালীক বিবাহ কৰাটো উচিত বুলি ভাবেঃ
বহুতো পুৰুষে প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতো ঘৰৰ পৰা চাই দিয়া ছোৱালীক বিবাহ কৰাটোক অধিক সফল হয় বুলি ভাবে। তেওঁলোক প্ৰেমত পৰে তথাপিও ঘৰৰ পৰা চাই দিয়া গৰাকীক বিবাহ কৰাব বিচাৰে। এনে পুৰুষে কেতিয়াও আপোনাক বিবাহ কৰাবলৈ মান্তি নহয়, যি আপোনাৰ বাবে এক ডাঙৰ আঘাত হ’ব পাৰে।
চাকৰিয়ালৰ পৰিৱৰ্তে গৃহিণীকহে পত্নী ৰূপে স্বীকাৰ কৰাঃ
যদি আপোনাৰ প্ৰেমিকে আপোনাৰ চাকৰিৰ বিষয়ে আপোনাৰ সৈতে কেইবাবাৰো কাজিয়া কৰিছে, তেতিয়া আপুনি ইয়াৰ প্ৰতি মনোযোগ দিব লাগিব। বহুতো পুৰুষে কৰ্মৰত মহিলা ভাল নাপায়। আনকি তেওঁলোকে আপোনাক সম্পৰ্কৰ বাবে সহ্য কৰিলেও, বিয়াৰ কথা অহাৰ লগে লগে তেওঁলোকৰ গোটেই জীৱনৰ প্ৰশ্নটো তেওঁলোকৰ মনলৈ আহিবলৈ আৰম্ভ কৰে। বহুতো পুৰুষে অনুভৱ কৰে যে কৰ্মৰত মহিলাসকলে ঘৰত মনোযোগ দিব নোৱাৰে। গতিকে যদি আপোনাৰ প্ৰেমিক আপোনাৰ কামৰ সুখী নহয়, আপুনি মুকলিকৈ কথা পাতক।
যি সকলে পৰিয়াল আৰু সমাজক ভয় কৰেঃ
যিসকল পুৰুষ ভয়াতুৰ হয় তেওঁলোকে প্ৰেম কৰে যদিও বিয়া কৰোৱাৰ ক্ষেত্ৰত নিজৰ খোজ পিছুৱাই লয়। তেওঁলোকৰ পৰিয়াল আৰু মানুহৰ প্ৰতি ভয় থাকে। এনে পুৰুষে তেওঁলোকৰ পৰিয়ালৰ সন্মুখত ক’বলৈ সাহস নকৰে যে তেওঁলোকে আপোনাক ভাল পায় আৰু আপোনাৰ সৈতে সম্পৰ্ক ভাঙিবলৈ বাধ্যত পৰে।
এইবোৰ কাৰণতেই কেতিয়াও এই অভ্যাস থকা পুৰুষৰ প্ৰেমত নপৰিব অন্যথা গোটেই জীৱন দুখতেই থাকিব লগা হব, কিয়নো তেওঁ আপোনাক ভাল পাব, বহুত সপোনো দেখুৱাব, কিন্তু বিবাহ কেতিয়াও নকৰায়।