পইতা ভাত প্ৰায় ১২ ঘণ্টা মান পানীত তিয়াই ৰাখি প্ৰস্তুত কৰা হয়। উখোৱা চাউলৰ পইতা ভাত খাবলৈ বেছি সোৱাদ হলেও আন সাধাৰণ চাউলৰ পৰাও পইতা ভাত বনাব পাৰি। ভাতৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যকেইখনৰ প্ৰায় সকলোৰে পৰিচিত এই পইতা ভাত। পইতা ভাতক ইংৰাজীত কোজি ৰাইচ বুলি কোৱা হয়। গৰমৰ দিনত পইতা ভাত খালে বহুত শীতল অনুভৱ হয়। এই ভাতৰ লগত সাধাৰণতে পুৰা, পিটিকা, আচাৰ, খৰিছা, ভাজি, নেমু টেঙা আদি লৈ খোৱা হয়।আমাৰ শৰীৰৰ বাবে উপকাৰী প্ৰায় সকলোখিনি উপদানেই থাকে। এই ভাতক প্ৰায় ১২ ঘণ্টা সময় তিয়াই থোৱা হয় বাবে ইয়াত বহুতো উপকাৰী বেক্টেৰিয়াৰ সংযোগ ঘটে। তাৰ উপৰিও শৰীৰৰ বাবে উপকাৰী লেক্টিক এচিড আৰু ভিটামিন— বি উৎপন্ন হয়। পানীত তিয়াই থোৱা বাবে ইয়াত পটাচিয়াম আৰু আয়ৰণৰ মাত্ৰও বৃদ্ধি হয়।
- পইতা ভাত আমাৰ শৰীৰৰ বাবে বহু উপকাৰী।
- শৰীৰত কেলৰি আৰু চৰ্বি জমা নহয়।
- পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে।
- পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক এচিডে কোষ্ঠ-কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে।
- এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে।
- পইতা ভাতে দেহত সোনকালে বয়সৰ প্ৰভাৱ পৰিব নিদিয়ে।
- পইতা ভাতত পটাচিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে এই ভাত খালে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
- পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে।
- পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক অচিডে কোষ্ঠ-কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে।
- এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে।
- পইতা ভাতে দেহত সোনকালে বয়সৰ প্ৰভাৱ পৰিব নিদিয়ে।
- পইতা ভাতত পটাচিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে এই ভাত খালে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
- এই ভাত খালে লিভাৰো সুৰক্ষিত হৈ থাকে।
- কেলচিয়াম কম থকা ব্যক্তিৰ বাবে পইতা ভাত অতি উপকাৰী।
- এই ভাতত আয়ৰণৰ পৰিমাণ বেছিকৈ থকা বাবে ৰক্তহীনতাত ভোগা ৰোগীসকলৰ বাবে অতিকৈ উপকাৰী।
- পইতা ভাতত চৰ্বীৰ পৰিমাণ কম থাকে বাবে এই ভাত খালে মানুহ শকত নহয়।
- পইতা ভাত খালে পেট চাফা হোৱাৰ লগতে পেটৰ নানান সমস্যাও দূৰ হয়।