মানুহৰ শৰীৰৰ বাবে প্রয়োজনীয় খাদ্য সম্ভাৰৰ ভিতৰত ফল-মূলৰ স্থান অপৰিহাৰ্য। দৈনন্দিন খাদ্য তালিকাত ফল-মূলৰ বাবে এটা সুকীয়া স্থান আছে৷ ফল-মূলৰ বাকলি অংশটো আমি সাধাৰণতে পেলাই দিওঁ যদিও বহুতে আকৌ বিভিন্ন ধৰণেৰে বাকলিবোৰ ব্যৱহাৰ কৰে৷ ফলৰ বাকলিত এনে বহু উপাদান নিহিত হৈ থাকে, যাক ছাল–চুলিৰ সৌন্দর্য ৰক্ষাত ব্যৱহাৰ কৰিব পাৰি৷
ছাল–চুলিৰ উপকাৰ সাধিব পৰা কেইবিধমান ফলৰ বাকলিৰ বিষয়ে জানো আহক-
কমলাঃ কমলাৰ বাকলিত ভিটামিন চি, কেলচিয়াম, মেগনেচিয়াম, পটাচিয়ামকে ধৰি বহুকেইবিধ আৱশ্যকীয় উপাদান থাকে৷ কমলাৰ বাকলিত থকা চাইড্রিক এচিডে ছালৰ ৰং প্রাকৃতিকভাৱে উজ্জ্বল কৰি তোলে৷ ছালৰ অতিৰিক্ত তেলখিনি শুহি লয়৷ কমলাৰ বাকলিত থকা কেলচিয়ামে ছালৰ মৃতকোষ দূৰ কৰি ছালখন পৰিষ্কাৰ কৰি ৰাখে৷
আনাৰসঃ আনাৰসৰ বাকলি ছালত আলফুলে ঘঁহি কিছুপৰৰ বাবে ৰাখি ধুই পেলাব৷ আনাৰসৰ বাকলিয়ে ছালৰ আর্দ্র ভাৱ বজাই ৰখাত সহায় কৰে৷ ছালৰ জ্বলন-পোৰণ হোৱা ঠাইত আনাৰসৰ বাকলি লগাই দিলে আৰাম পোৱা যায়৷
তৰমুজঃ তৰমুজৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে বেছিভাগ মানুহেই অজ্ঞাত৷ তৰমুজৰ বাকলি অলপ সময় ফ্রীজত ৰাখি আলফুলে মুখমণ্ডলত ঘঁহি চাবচোন, ই ছালখনলৈ তৎক্ষণাৎ সজীৱতা কঢ়িয়াই আনিব৷ প্রদূষণে আমাৰ মুখমণ্ডলৰ ছালৰ নোমৰ গুৰিৰ ছিদ্রসমূহ বন্ধ কৰি দিয়াৰ ফলত ছালখনে উজ্জ্বলতা হেৰুৱাই দেখাত নির্জীৱ হৈ পৰে৷ তৰমুজৰ বাকলি নিয়মীয়াকৈ ছালত লগালে ছালখন পৰিষ্কাৰ হৈ থাকে আৰু ছালৰ আর্দ্রতা বর্তি থাকে৷
আমঃ আমৰ ৰং, গোন্ধ, সোৱাদ, মাখন কোমল শাহ আৰু উপকাৰিতাৰ লগতে ইয়াৰ বাকলিত মিহলি হৈ আছে নানানটা গুণ৷ বাকলিটো গুচাই মুখমণ্ডলত আলফুলে ঘঁহি পোন্ধৰ-বিশ মিনিটৰ পিছত ধুই পেলাব৷ আমৰ বাকলিত থকা ভিটামিন এ আৰু বিটা কেৰটিনে ছাললৈ প্রাকৃতিকভাৱে উজ্জ্বলতা কঢ়িয়াই আনে৷
কলঃ কলৰ বাকলি মুখ আৰু ডিঙিত ঘঁহি অলপ সময়ৰ পিছত ধুই দিব লাগে৷ ছালৰ বলিৰেখা আৰু শালমইনা দূৰ হোৱাৰ লগতে চকুৰ চাৰিওকাষৰ কলা দাগ আৰু চকু ফুলাৰ সমস্যাও লাঘৱ কৰে৷ তাৰ বাবে কলৰ বাকলি চকুৰ চাৰিওকাষে আলফুলে ঘঁহি অলপ সময় ৰাখি ধুই দিব৷ মহে কামোৰা ঠাইতো কলৰ বাকলি ঘঁহিলে খজুৱতিৰ পৰা আৰাম পোৱা যায়৷
আপেলঃ আপেলৰ বাকলিৰ পেষ্ট মুখমণ্ডলত লগাই পোন্ধৰ মিনিটৰ পিছত ধুই দিব৷ ই ছালৰ অতিৰিক্ত তৈলাক্ত ভাৱ নিয়ন্ত্ৰন কৰাত সহায় কৰাৰ লগতে শালমইনা দূৰ কৰে৷
ফলমূলৰ বাকলিবোৰ সৰু সৰুকৈ কাটি ৰদত ভালকৈ শুকুৱাই গুড়ি কৰি শুকান বটলত ভৰাই টানকৈ সাঁফৰ মাৰি ৰাখিলে বহু দিন ভালে থাকে৷