আমাৰ নখত থকা এই অৰ্ধজোনৰ চিনটো কি? কেতিয়াবা আমাৰ দেহৰ অংগবোৰ দেখিলে আচৰিত লাগে যে সৃষ্টিকৰ্তাই আমাক কিদৰে সৃষ্টি কৰিলে। হাতৰ ৰেখাই মানুহৰ ভৱিষ্যতৰ বিষয়ে কয় আৰু মানুহৰ আঙুলি দেখি ব্যক্তিত্বৰ বিষয়ে কব পাৰি। আমাৰ নখৰ তলৰ ভাগত ভালদৰে চালে দেখা যায় যে, তাত এটা আধা জোনৰ দৰে চিন আছে। এই অংশ বগা ৰঙৰ হয়। আপুনি কেতিয়াবা ভাবিছে নে এই চিন মানুহৰ নখত কিয় পোৱা যায়। আধা জোনৰ দৰে দেখা পোৱা এই চিনটো নখৰ এটা গুৰুত্বপূৰ্ণ অংশ। নখৰ তলৰ অংশত এই চিনটো পোৱা যায় যিটো নখৰ বাকীবোৰ অংশতকৈ বগা দেখা যায়। এই আধা জোনৰ দৰে অংশটোক লেটিন ভাষাত ইয়াক ‘লুনুলা’ (lunula) বুলি কোৱা হয়। লুনোলা কেৱল এটা চিন নহ,য় ই আপোনাৰ স্বাস্থ্যৰ বিষয়েও বহু কথা কয়।
যিবোৰ মানুহৰ আঙুলিত এই আধা জোনৰ চিনটো অধিক বগা হয় সেই সকল লোকক মানসিক আৰু শাৰীৰিক ৰূপে সুস্থ বুলি জনা যায়। জ্যোতিষ শাস্ত্ৰমতে যিসকল লোকৰ নখ পাতল আৰু চাফা হয় সেইসকল লোকে আৰ্থিকভাবে উন্নতি কৰে। যি সকল স্ত্ৰীৰ নখ ধুনীয়া আৰু অলপ ৰঙা হয় সেইসকল বহুত শুভাগ্যশালী হয়। যিসকল পুৰুষৰ নখ গোল হয় সেইসকল পুৰুষে সফলতাৰ নতুন শীৰ্ষত উপনীত হয়। চুটি আৰু হালধীয়া ৰঙৰ নখৰ ব্যক্তি এলেহুৱা বুলি ধৰা হয়। যিসকলৰ নখ গোলাকাৰ হয় তেওঁলোকে যিকোনো নিৰ্ণয় সোনকালে লয় আৰু সক্ৰিয় হৈ থাকে। পাতল আৰু দীঘল নখৰ গৰাকীয়ে নিৰ্ণয় লব নোৱাৰে আৰু তেনে ব্যক্তি বহু লোকচানৰ সন্মুখীন হবলগীয়া হয়।
যদি আপোনাৰ ১০টো আঙুলিৰ ভিতৰত ৮টা আঙুলিতেই এই আধা জোনৰ চিনটো আছে তেন্তে আপোনি সু-স্বাস্থ্যৰ অধিকাৰী বুলি গম পোৱা যায়। কিন্তু যদিহে আপোনাৰ আঙুলীবোৰৰ পৰা এই আধা জোনৰ দৰে চিনটো নাইকিয়া হৈ গৈছে অথবা কেৱল বুঢ়া আঙুলিতহে ইয়াক দেখা যায় তেন্তে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাৰ অতি প্ৰয়োজন।
যিসকলৰ নখ চুটি আৰু অলপ ভাঁজ থকা হয় তেনে ব্যক্তিয়ে নিজৰ জীৱন সংগীক আঙুলি মূৰত ধৰি নচোৱাব পাৰে। এওঁলোক চাৰিত্ৰক দিশৰ পৰা ভালেই হয় যদিও এওঁলোকৰ ওপৰত সম্পূৰ্ণ ৰূপে বিশ্বাস কৰিব নোৱাৰি। টান নখৰ গৰাকী বহুত কাজিয়া কৰা স্বভাৱৰ হয় আৰু নিজৰ জিদ যিকোনো প্ৰকাৰে পূৰণ কৰে। তেওঁলোকে কোনো কথা চিন্তা নকৰে। বুঢ়া আঙুলিত থকা এই আধা জোনৰ বগা দাগটোৱে প্ৰেমত পোৱা সফলতাৰ ইঙ্গিত দিয়ে।
হালধীয়া নখ তথা দুৰ্বল নখে হৃদয় সম্বন্ধিত ৰোগ তথা এনিমিয়া, লিভাৰ আদি ৰোগৰ সংকেত দিয়ে। ভেঁকুৰজনিত সংক্ৰমণৰ বাবে গোটেই নখ হালধীয়া হৈ পৰে। বহুতবাৰ জণ্ডিচ, থাইৰয়ডৰ দৰে ৰোগত নখ এনেদৰে হালধীয়া হৈ পৰে। যদি নখ হালধীয়া আৰু শকত হয় তথা লাহে লাহে বাঢ়ে তেন্তে ই কলিজা সম্বন্ধীয় ৰোগৰ সংকেত দিয়ে।
শৰীৰত অক্সিজেনৰ সঞ্চাৰ ভালদৰে নহলে নখ অলপ নীলা পৰিবলৈ ধৰে। নখৰ এই নীলা ৰঙে নিম’নিয়া তথা হৃদয়ৰ ৰোগৰ প্ৰতিও সংকেত দিয়ে।
বহুত মানুহৰ নখ চাফা হয় আৰু নখত কিছুমান বগা দাগ দেখা যায়। আৰু কেতিয়াবা ই সম্পূৰ্ণ বগা হৈ পৰে। নখৰ এই বগা ৰঙে লিভাৰ আৰু হৃদপিণ্ডৰ ৰোগৰ সংকেত দিয়ে।