দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰাৰ সময়তে দেশৰ কিছুসংখ্যক এলপিজি চিলিণ্ডাৰৰ গ্ৰাহকক সকাহ দি চৰকাৰে ঘোষণা কৰিছে এলপিজি চিলিণ্ডাৰৰ ৰাজসাহায্যৰ নতুন নিয়ম৷
আজি কেন্দ্ৰীয় চৰকাৰৰ তেল বিষয়ক বিভাগৰ সচিব পংকজ জৈনে কয় যে LPG চিলিণ্ডাৰৰ ৰাজসাহায্য কেৱল সীমিত হিতাধিকাৰীৰ বাবে উপলব্ধ হ’ব আৰু বাকী ব্যৱহাৰকাৰীসকলে বজাৰ মূল্যতে চিলিণ্ডাৰ ক্ৰয় কৰিব লাগিব। তেওঁ লগতে কয় যে ,২০২০ চনৰ জুন মাহৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ওপৰত চৰকাৰে কোনো ৰাজসাহায্য পৰিশোধ কৰা নাই৷ আনহাতে বিত্ত মন্ত্ৰী অৱশ্যে নিৰ্মলা সীতাৰমণে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ওপৰত বিশেষ গ্ৰাহকক ৰাজসাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া সংযোগ লাভ কৰা প্ৰায় ন কোটি দৰিদ্ৰ মহিলা আৰু অন্যান্য হিতাধিকাৰীৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰত ৰাজসাহায্য উপলব্ধ হ’ব। কোভিডৰ আৰম্ভনিৰে পৰা এলপিজি ব্যৱহাৰকাৰীসকলক কোনো ৰাজসাহায্য দিয়া হোৱা নাছিল। শেহতীয়াকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰত ৰাজসাহায্য প্ৰদানৰ প্ৰসংগত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এক টুইটত এইবুলি কৈছে , “আমি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ন কোটিৰো অধিক হিতাধিকাৰীক প্ৰতিটো গেছ চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য (১২ টা চিলিণ্ডাৰলৈকে) দিম। ই আমাৰ মাতৃ আৰু ভগ্নীসকলক সহায় কৰিব। ইয়াৰ বাবে চৰকাৰৰ বছৰি প্ৰায় ৬,১০০ কোটি টকা খৰচ হ’ব।” প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিখন ২০১৬ চনৰ মে’ মাহত গাঁৱৰ দুখীয়া পৰিয়ালবোৰৰ কল্যাণৰ বাবে আৰম্ভ কৰা হৈছিল৷ এই আঁচনিৰ অধীনত ৯.১৭ কোটিৰো অধিক এলপিজি সংযোগ দিয়া হৈছে। দেশখনত বৰ্তমান প্ৰায় ৩০.৫ কোটি এলপিজি সংযোগ আছে।
অনুসূচীত জাতিৰ পৰিয়াল, অনুসূচীত জনজাতিৰ পৰিয়াল, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), আটাইতকৈ পিছপৰা শ্ৰেণী, অন্ত্যোদয় অন্ন যোজনা (এ.এ.ৱাই.), চাহ আৰু প্ৰাক্তন চাহ বাগিচাৰ জনজাতি, বনবাসী, দ্বীপ আৰু নদী দ্বীপত বাস কৰা লোক আদিক আঁচনিখনৰ অধীনত এলপিজি সংযোগ প্ৰদান কৰা হৈছে৷
উল্লেখ্য শেহতীয়া ৰাজসাহায্য ঘোষণা কৰাৰ আগতে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসহ সকলো LPG ব্যৱহাৰকাৰীয়ে ২০২০ চনৰ জুন মাহত ৰাজসাহায্য বন্ধ কৰাৰ পিছত বজাৰ দৰতে এলপিজি চিলিণ্ডাৰ ক্ৰয় কৰিছিল। এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে প্ৰতিটো চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰে জমা কৰিব৷