বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া আগজাননী অনুসৰি ১৯ আৰু ২০ জানুৱাৰীত অসম, অৰুণাচলপ্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা।
জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ লগতে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডতো অহা তিনি দিনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি অহা দুদিনত উপকূলীয় অন্ধ্ৰপ্ৰদেশৰ ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।