বৰ্তমান ইণ্টাৰনেট আৰু ম’বাইল ফোন মানুহৰ জীৱনত অপৰিহাৰ্য। ইয়াৰ দ্বাৰা দৈনন্দিন জীৱনৰ বস্তুবোৰ অতি সহজ হৈ পৰিছে যদিও ইয়াৰ বহু বেয়া প্ৰভাৱো আছে। কাম বা মনোৰঞ্জনৰ বাবে নিজৰ ম’বাইল ফোনৰ সৈতে জড়িত হৈ থকাৰ দৰে বৰ্তমান সময়ত সৰু ল’ৰা-ছোৱালীয়েও ফোনটোৰ প্ৰতি প্ৰয়োজনতকৈও অধিক আগ্ৰহী হৈ পৰা দেখা গৈছে। বহুসময়ত পিতৃ-মাতৃয়ে বাধ্যত পৰি তেওঁলোকৰ সন্তানক ম’বাইল ফোনটো ব্যৱহাৰ কৰিবলৈ দিয়ে আৰু লাহে লাহে শিশুটো স্মাৰ্টফোনৰ প্ৰতি আসক্ত হৈ পৰে আৰু গোটেই দিনটো ম’বাইলৰ লগতে লাগি থাকিবলৈ আৰম্ভ কৰে।
বহুসময়ত দেখা যায় যে, শিশুৱে ফোনটো নোচোৱাকৈ খাদ্য গ্ৰহণ নকৰে আৰু এয়া দেখি পিছত অভিভাৱকে নিজৰ ভুল অনুভৱ কৰে। কিন্তু ইয়াৰ মাজতে কিছুমান এনে উপায় আছে যাৰ সহায়ত অভিভাৱকে নিজৰ শিশুটোক পুনৰ ম’বাইলৰ আসক্তি আঁতৰ কৰি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰে।
শিশুসকলক ম’বাইলৰ পৰা আঁতৰ কৰাৰ উপায়ঃ
কিতাপৰ প্ৰতি আগ্ৰহী কৰা
ইণ্টাৰনেটৰ যুগত, কিতাপৰ পৰা আঁতৰি থকাটো সাধাৰণ কথা হৈ পৰিছে। শিশুৱেও আজিকালি কিতাপ পঢ়িবলৈ ভাল নাপায় কাৰণ অভিভাৱকসকলে নিজেই গোটেই দিনটো ম’বাইলত লাগি থাকে। যদি অভিভাৱকে নিজে শিশুসকলৰ সন্মুখত কিতাপ পঢ়িবলৈ লয়, তেতিয়া শিশুসকলেও অনুকৰণ কৰি কিতাপখন তুলি ল’ব, যেতিয়া শিশুৱে এনে কৰিব, তেতিয়া নিশ্চিতভাৱে অভিভাৱকে নিজৰ সন্তানৰ সৈতে বহি কিতাপৰ কথা আলোচনা কৰিব আৰু এনেদৰে শিশুৰ ম’বাইলৰ আসক্তি কিছু হলেও দূৰ হ’ব।
বাহিৰত খেলিবলৈ কওঁক
ক’ভিডৰ লকডাউন হোৱাৰ ফলত শিশুক দীৰ্ঘসময় ধৰি ঘৰত বন্দী কৰি ৰখা হৈছে, যাৰ বাব তেওঁলোকৰ ম’বাইলৰ প্ৰতি আসক্তি বহুগুণে বৃদ্ধি পালে। উক্ত সময়ছোৱাত, পাঠদানত ম’বাইল ফোনৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰাৰ লগতে শিশুসকলে বাহিৰত খেল-ধেমালি কৰাৰ অভ্যাসো হেৰুৱাই পেলালে। এনে পৰিস্থিতিত, বাহিৰত খেলৰ বাবে সন্তানক পুনৰ উৎসাহিত কৰাটো অভিভাৱকৰ দায়িত্ব হ’ব লাগে যাতে তেওঁলোকৰ মনোযোগ ম’বাইলৰ পৰা আঁতৰি থাকে।
প্ৰকৃতিৰ প্ৰতি প্ৰেম বৃদ্ধি কৰক
অভিভাৱকে শিশুসকলক প্ৰকৃতিৰ ওচৰলৈ লৈ গলে সিহঁতে ম’বাইল ফোনৰ পৰা আঁতৰি থাকিব। শিশু সন্তানক বুজাই দিব যে মানুহৰ জীৱনত প্ৰাকৃতিক বস্তুবোৰৰ গুৰুত্ব কিমান। প্ৰকৃতিৰ সৌন্দৰ্যৰ সৈতে পৰিচয় কৰাবলৈ সন্তানক পাৰ্ক, হ্ৰদ বা পাহাৰীয়া ঠাইলৈ লৈ যোৱাৰ পৰিকল্পনা কৰক। আপুনি ঘৰতো ফুলৰ টাব বা ঠাই থাকিলে গছ পুলি ৰোৱা আৰু তাৰ যতন লবলৈ শিকাওক। ফুল বা গছজোপা বাঢ়ি অহাৰ লগে লগে শিশুটিৰ গছজোপাৰ প্ৰতি মৰম আৰু হেঁপাহৰ লগতে আগ্ৰহ বাঢ়ি গৈ থাকিব। এইদৰেও অভিভাৱকে শিশুসকলক ম’বাইল ফোনৰ পৰা দূৰত ৰাখিবলৈ সক্ষম হব পাৰিব।
ম’বাইলত পাছৱৰ্ড দি ৰাখক
যদি এইসমূহ প্ৰচেষ্টাৰ কৰাৰ পিছতো, শিশুটোৱে ম’বাইল ফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত নাথাকে, তেনেহ’লে কঠোৰ পদক্ষেপ লোৱা প্ৰয়োজন। অভিভাৱকে নিজৰ ম’বাইলত কঠিন পাছৱৰ্ড দি ৰাখিব লাগে যাতে শিশুৱে ফোনটো ব্যৱহাৰ কৰিব নোৱাৰে।