২০০৩ চনৰ ৪ এপ্ৰিল তাৰিখটো অসমৰ বাবে অতি স্মৰণীয় দিন। কাৰন, আজিৰ উক্ত দিনটোতে কপৌফুল (Rhynchostylis retura (L.) Blume) ক ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হৈছিল৷ এই দিনটোৰ লগত সংগতি ৰাখি আজি কটন বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগত এক আলোচনা অনুষ্ঠান অনুস্থিত কৰা হয়৷
অনুষ্ঠানত মূল বক্তা ৰূপে বক্তৃতা প্ৰদান কৰে TERI ৰ ফেল’ ড° আশিস কৰে ৷ তেখেতে ভাষণত মূলত উত্তৰ-পূৰ্বাঞ্চলত অৰ্কিডৰ ভৌগোলিক অৱস্থিতি, কামৰূপ জিলাত কি কি প্ৰজাতিৰ কপৌ পোৱা যায়, লগতে কপৌফুলৰ গুৰুত্ব আৰু সাম্প্ৰতিক স্থিতি সম্পৰ্কে উল্লেখ কৰে৷ অনুষ্ঠানত উদ্ভিদ বিজ্ঞান বিভাগৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি অনুষ্ঠানটো ফলপ্ৰসূ কৰি তোলে ৷