সাধাৰণতে মচলা হিচাপে ব্যৱহাৰ কৰা লং আমাৰ স্বাস্থ্যৰ কাৰণে বহু উপকাৰী ।
দেখিবলৈ সৰু যেন লগা লঙৰো আছে বহু উপকাৰী তথা ঔষধি গুণ ।
লং খালে শৰীৰৰ উত্তাপ বৃদ্ধি হয়,সেয়ে বিভিন্ন ঔষধ তৈয়াৰ কৰোতে লং ব্যৱহাৰ কৰা দেখা পোৱা যায় ।
গৱেষণাত পোৱা গৈছে যে লিভাৰৰ কাৰণে অতি উপকাৰী লং ।
তেজত চুগাৰৰ পৰিমান সন্তুলন ৰাখিবলৈ লং খোৱাতো অতি দৰকাৰী ।
লং ৰ উপকাৰীতাসমূহঃ
এণ্টিঅক্সিডেণ্টৰে পৰিপূৰ্ণঃ লং ত ভৰপূৰ মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায় ।
এণ্টিঅক্সিডেণ্টে শৰীৰৰ পুৰণা ৰোগ বৃদ্ধি কৰা অক্সিডেটিভ কমোৱাত সহায় কৰে ।
লঙত য়োজেনাল নামৰ এক উপাদান পোৱা যায়, যিয়ে প্ৰাকৃতিক এণ্টিঅক্সিডেণ্টৰ কাম কৰে ।
এণ্টিঅক্সিডেণ্ট থকা খাদ্য়ৰ লগত লং খালে শৰীৰ সম্পূৰ্ণৰূপে ৰোগমুক্ত হৈ থাকে ।
কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতাঃ লং খালে শৰীৰত কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ।
লঙত পোৱা য়োজেনাল নামৰ উপাদানবিধৰ কেঞ্চাৰ প্ৰতিৰোধ কৰা ক্ষমতা আছে ।
বেক্টেৰিয়ানাশক গুণঃ লং য়ে শৰীৰৰ বেক্টেৰিয়া নাশ কৰাত সহায় কৰে ।
এণ্টিমাইক্ৰোবিয়েল গুণ থকাৰ বাবে লং দাঁতৰ আৰু দাঁতৰ আলুৰ যিকোনো ৰোগ উপশমত সহায় কৰে ।
হাড়ৰ বাবে উপকাৰীঃ লং য়ে হাড় শক্তিশালী কৰাত সহায় কৰে ।
বৰ্তমান সময়ত বেছিসংখ্যক লোকৰে হাড়ৰ সমস্যা থকা দেখা যায় ।
হাড়ৰ দুৰ্বলতা বা বিষ থকা লোকে লং খালে যথেষ্ট উপকৃত হ’ব ।
গেষ্ট্ৰিক ৰোগত উপকাৰীঃ গেষ্ট্ৰিক ৰোগ নিৰাময়ৰ বাবে লং অতি উপকাৰী ।
লঙৰ গুৰি আৰু মৌ জোল মিহলাই দিনে দুবাৰকৈ খালে পিত্ত আৰু অম্লপিত্ত বেমাৰ নিৰাময় হয় ।