অস্বাস্থ্যকৰ আহাৰ আৰু ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে বৰ্তমান সময়ত বহু সংখ্যক লোক গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে প্ৰায়ে খালী পেটত গেছৰ ঔষধ গ্ৰহণ কৰে, দীৰ্ঘদিন ধৰি এনেধৰণৰ ঔষধ গ্ৰহণ কৰিলে শৰীৰৰ আন অংশৰ ক্ষতি হোৱাৰ আশংকা থাকে। ঔষধ গ্ৰহণ নকৰি আপুনি প্ৰাকৃতিক পদ্ধতিৰ দ্বাৰাও গেছৰ পৰা সকাহ পাব পাৰে।
দৰাচলতে এনে বহুতো ফল আছে, যাৰ ব্যৱহাৰে পেটৰ গেছৰ সমস্যা সহজে আঁতৰ হয়। ই কোষ্ঠকাঠিন্যৰ পৰাও সুৰক্ষা দিয়ে। বিশেষজ্ঞসকলে কয় যে, যদি গেছৰ সমস্যা হয়, আপুনি নেমুজাতীয় ফল খোৱা পৰিহাৰ কৰা উচিত। কিয়নো খালী পেটত নেমুজাতীয় ফল খালে অধিক গেছ হ’ব পাৰে। আনহাতে, গেছ প্ৰতিৰোধ কৰিবলৈ আহাৰ খোৱাৰ লগে লগে পানী খোৱা পৰিহাৰ কৰিব লাগে। গেছৰ পৰা সকাহ পাবলৈ কোনবোৰ ফল খাব লাগে আমি জানো আহক–
কলঃ-কেলচিয়াম, আঁহসমৃদ্ধ কল গেছৰ পৰা সকাহ পোৱাত যথেষ্ট উপকাৰী। কলে গেছ আৰু এচিডিটি দুয়োটাতে সকাহ দিয়ে। ইয়াত পোৱা আঁহে গেছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
তৰমুজঃ-পানীসমৃদ্ধ তৰমুজ খোৱাৰ ফলত পাকস্থলীয়ে যথেষ্ট পানী আহৰণ কৰে। তৰমুজত থকা আঁহে খাদ্য হজম হোৱাত সহায় কৰে। যেতিয়া খাদ্য সঠিকভাৱে হজম হয়, গেছৰ কোনো সমস্যা নহয়। যদি আপুনি গেছ বা এচিডিটিৰ সমস্যাত ভুগি থাকে, আপুনি তৰমুজ খালে উপকাৰ পাব।
তিয়ঁহঃ-তৰমুজৰ দৰে তিয়ঁহো পানীৰে সমৃদ্ধ। তিয়ঁহ খালে পেটৰ জ্বলা-পোৰা প্ৰশমিত কৰে। তিয়ঁহত যথেষ্ট পৰিমাণে পানী থকাৰ বাবে ই গেছৰ পৰাও পৰিত্ৰাণ দিব পাৰে।
ষ্ট্ৰবেৰীঃ-আঁহ, পটাছিয়াম, ভিটামিন-চি, লো আৰু মেগনেছিয়ামসমৃদ্ধ ষ্ট্ৰবেৰীয়েও পাকস্থলীত গেছৰ সৃষ্টি হ’বলৈ নিদিয়ে। ষ্ট্ৰবেৰীত মিঠা ৰসৰ লগতে যথেষ্ট আঁহ থাকে, যি খাদ্য হজম কৰাত সহায় কৰে।
কিৱিঃ-ভিটামিন-‘চি’ৰে সমৃদ্ধ, কিৱিত যথেষ্ট পৰিমাণৰ আঁহ, পটাছিয়াম, কাৰ্বোহাইড্ৰেট থাকে। ই পাকস্থলীত সৃষ্টি হোৱা গেছৰ সমস্যাৰ পৰা অতি সহজে সকাহ দিয়ে।
ডিমৰুঃ-বহুতো পুষ্টিৰে সমৃদ্ধ ডিমৰুত মিঠা ৰস থাকে, যি গেছৰ পৰা পৰিত্ৰাণ দিয়ে। যদি আপুনি গেছৰ সমস্যাত অহৰহ ভুগি থাকে, তেনেহ’লে আহাৰত ডিমৰু ফল গ্ৰহণ কৰিব পাৰে।