‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা…’। আজি গৰু বিহু। খেতিয়ক চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু।অসমীয়াৰ বাপোতি সাহোন ব’হাগ বিহুৰ পহিলা দিনটোত অৰ্থাৎ গৰু বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ। আজিৰ দিনটোত গাঁৱৰ কৃষকসকলে তেওঁলোকৰ গাইজনী, হালৰ গৰুহাল, দামুৰীটোক নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে। দীঘলতি পাত, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই ঘৰৰ গৰু কেইটাৰ দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰে। অসমীয়া কৃষ্টিৰ অন্যতম নিদৰ্শন গৰু বিহুটিক পালন কৰাৰ সমান্তৰালকৈ আজিৰ দিনটোত গঞা ৰাইজৰ মাজত পৰলক্ষিত হয় সম্প্ৰীতিৰ এনাজৰীডাল। নৈৰ ঘাটত কেইবাখন গাঁৱৰ সাধাৰণ গঞা ৰাইজে একেলগে মিলি গৰু ধুৱাই থকাৰ মাজতে সৃষ্টি হয় অন্য এক পৰিৱেশৰ। ঢোলৰ ছেও, পেঁপাৰ মাতত নৈৰ ঘাটত নামি আহে ব’হাগৰ পূৰ্ণ সজীৱতা।
Bohag Bihu greetings to everyone! pic.twitter.com/W5UWbLJhiF
— Narendra Modi (@narendramodi) April 14, 2022
অসমীয়াৰ এই হেঁপাহৰ ৰঙালী বিহুৰ বাবে সমূহ অসমবাসাকী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনালে শুভেচ্ছা। মোডীয়ে টুইটাৰৰ জৰিয়তে অসমীয়াতে অসমবাসীলৈ জনালে বিহুৰ শুভেচ্ছা।
সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু হিয়াভৰা ওলগ জনালোঁ। নৱ বৰ্ষই সকলোলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু আনন্দ।
— Arvind Kejriwal (@ArvindKejriwal) April 14, 2022
আনহাতে মোডীৰ উপৰিও দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালেও জনাইছে বিহুৰ শুভেচ্ছা। কেজৰিৱালে অসমীয়াতে অসমবাসীলৈ জনাইছে বিহুৰ শুভেচ্ছা।