আজি ফাগুনৰ পহিলা দিন। ফাগুনৰ পহিলা দিনটোৱেই হ’ল প্ৰেমৰ দিন। আজি ১৪ ফেব্ৰুৱাৰী। চেইণ্ট ভেলেণ্টাইনৰ নামত উসৰ্গিত এটা দিন ভেলেণ্টাইন ডে’, যি অসমীয়াৰ পহিলা ফাগুনৰ দিনটো। ইতিহাস অনুসৰি কেইবাজনো খ্ৰীষ্টিয় শ্বহীদ চেইণ্ট ভেলেণ্টাইনৰ নামেৰে নামকৰণ কৰা হৈছিল। ১৪ ফেব্ৰুৱাৰী তাৰিখত সন্মান জনোৱা সকল হৈছে ৰোমৰ ভেলেণ্টাইন আৰু টাৰ্ণিৰ ভেলেণ্টাইন। প্ৰায় ২৬৯ খ্ৰীষ্ট পূৰ্বত খ্ৰীষ্টিয় পুৰোহিত ৰোমৰ ভেলেণ্টাইন গৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় আৰু তেওঁক ভায়া ফ্লেমিনা নামে ঠাইত কবৰ দিয়া হয়।
প্ৰেম হৈছে জীৱনৰ চালিকা শক্তি। হৃদয়ৰ চিৰন্তন অনুভুতিৰ প্ৰেম। প্ৰেম তেনেকুৱাই। অতৃপ্তিৰ বাটেৰে বগুৱা বাই হৃদয় জুৰায়। পূৰ্ণতা পৰা শূন্যতালৈ অথবা শূন্যতাৰ পৰা পূৰ্ণতালৈ প্ৰতিটো বাটৰ নামেই প্ৰেম।
কথাতে কয় প্ৰেমৰ নিজা কোনো পৰিভাষা নাথাকে। নাথাকে ভৌগোলিক সীমা, নাথাকে ৰং-বৰ্ণ-বয়স অথবা জাতিৰ বাধা। সেইবাবেই প্ৰেম স্বৰ্গীয়, প্ৰেম নিষ্কলুষ। প্ৰেমৰ নামত এটা দিন উদযাপন হয়নে নহয় এই লৈও বিতৰ্ক, আলোচনাৰ অন্ত নাই। কোনোৰ মতে যদি এয়া বজৰুৱা সংস্কৃতি, অধিক বাহ্যিকতা, আন কোনোৰ মতে আকৌ প্ৰেমৰ বাবে প্ৰতিটো দিনেই বিশেষ।
প্ৰেম চাৰি চকুৰ মিলনতে হব পাৰে প্ৰেম। প্ৰেমৰ বাবে নালাগে দুই ওঁঠৰ শব্দ। হৃদয়ৰ পৰা বৈ অহা শব্দৰেই কথা পাতিব পাৰি এজনে আনজনৰ লগত। বিগত পোন্ধৰ বছৰে কলিয়াবৰৰ এহাল বিশেষ দম্পতীয়ে চাৰি চকুৰ মিলনৰে কথা পাতিছে। সুখৰেই চলাই নিছে সংসাৰ।
কলিয়াবৰৰ দিঘলী গাঁৱৰ এহাল বিশেষ দম্পতী নাম যোগেশ্বৰ বৰা আৰু মৌচুমী বৰা। এই বিশেষ দম্পতী হাল বিশেষ হোৱাৰ কাৰণ আছে, কিয়নো বিয়াৰ পোন্ধৰ বছৰে এজনে আনজনৰ লগত পতা নাই কথা। মাথো চাৰি চকুৰ মিলনৰেই পাতি গৈছে কথা। উল্লেখ্য যে জন্মলগ্নৰে পৰা দুয়ো মুকবধিৰ। সেয়ে হাতৰ অংগি-ভংগিতেই কথা পাতে দুয়ো। ৰাতিপুৱাৰ চাহ কাপৰ পৰা ৰাতিৰ ভাত বনোৱালৈকে সকলো কামেই কৰিব পাৰে মৌচুমীয়ে। তাৰ মাজতে সময় উলিয়াই ম’বাইলটোও টিপে মৌচুমীয়ে। আনহাতেদি পুৱাই দিন হাজিৰা কৰিবলৈ ওলাই যায় যোগেশ্বৰ বৰা। দিনটোৰ হাজিৰা কৰা টকাকেইটাৰেই জোৰা টাপলি মাৰে সংসাৰৰ। তিনিটা পুত্ৰ সন্তানৰে সুখৰ সংসাৰ দুয়োৰে। মৌচুমী-যোগেশ মুকবধিৰ হোৱাৰ বিপৰীতে তেওঁলোকৰ তিনিওটা সন্তানে কথা পাতিব পাৰে ভালকৈয়ে। কলিয়াবৰৰ দিঘলী গাঁৱৰ যোগেশ্বৰ বৰা আৰু মৌচুমী বৰাৰ জীয়া প্ৰেমৰ কাহিনী এয়া। পোন্ধৰে বছৰে সুখেৰে সংসাৰ চলাই নিয়া দুয়োয়ে কিন্তু বৰ্তমানলৈকে নাপালে চৰকাৰী সা-সুবিধা। নাপালে বিশেষ আঁচনিৰ সুবিধাও। তথাপিও যেন আক্ষেপ নাই যোগেশ্বৰ বৰা আৰু মৌচুমী বৰাৰ। দুয়ো দুয়োকে লৈ যেন সুখী। যোগেশ্বৰ বৰা আৰু মৌচুমী বৰা হওঁক সকলোৰে বাবে আদৰ্শ। হাজাৰজনৰ বাবে হওঁক প্ৰেমৰ উৎকৃষ্ট উদাহৰণ। প্ৰেমৰ দিনত দুয়োলৈ জনালো অলেখ শুভকামনা।