আপোনাৰ ক্ষেত্ৰত এনে হৈছে নেকি? ঘৰখনত প্ৰায়ে বেমাৰ-আজাৰ হৈ থাকে, ঘৰৰ উন্নতি নহয় লগতে ঘৰৰ মানুহৰ মাজত হাই- কাজিয়া হৈ থাকে। আপোনাৰ হাতলৈ যিমান পইচা আহিলেও নাথাকে। হাতলৈ ধন ঠিকেই আহে কিন্তু তাক শেষ হ’বলৈ সময় নালাগে। বহু চেষ্টা কৰা পাছতো ভৱিষ্যতৰ বাবে ধন গোটাব নোৱাৰে, ধন সাঁচিব পৰা নাই যদি পাকঘৰৰ লগত জড়িত কিছুমান নিয়ম অনুসৰণ কৰি সমস্যা সমাধান কৰিব পাৰিব।
বাস্তু শাস্ত্ৰত এনেকুৱা কিছু নিয়মৰ বিষয়ে কোৱা হৈছে যিবোৰ মানি চলিব পাৰিলে আপোনালোকে বহু সমস্যাৰ সমাধান কৰিব পাৰিব। কোৱা হয় যেনেকুৱা খাদ্য খোৱা হয় তেনেকুৱাই মনতো হয়। এই কথাটোৱে অন্নৰ মহত্ব কিমান তাক বুজাইছে আৰু পাকঘৰৰ দিশো নিৰ্ণয় কৰিছে। আমাৰ সকলোৰে ঘৰত পাকঘৰক সকলোতকৈ মহত্বপূৰ্ণ স্থান বুলি কোৱা হয়। এই স্থানৰ পৰাই আমাৰ সকলোৰে ভাগ্য নিৰ্ণয় হয়। পাকঘৰত বাস্তু শাস্ত্ৰৰ নিয়মসমূহ পালন কৰিলে ঘৰত সুখ-সমৃদ্ধিয়ে বাস কৰে। এতিয়া আমি জানো আহঁক পাকঘৰৰ লগত জড়িত বাস্তু নিয়ম।
প্ৰথমে, ঘৰত পাকঘৰ নিৰ্মাণ কৰা সৰ্বশ্ৰেষ্ঠ ঠাই হৈছে দক্ষিণ- পূব অৰ্থাৎ আগ্নেয় দিশ। কাৰণ এই দিশটোক জুইৰ স্থান বুলি গণ্য কৰা হয়। পাকঘৰৰ সম্পৰ্ক অগ্নি তত্ত্বৰ লগত জড়িত। সেয়েহে ইয়াৰ সঠিক দিশ আগ্নেয় কোণ। আগ্নেয় কোণত পাকঘৰ নিৰ্মাণ কৰিলে কেতিয়াও খাদ্যৰ অভাৱ নহয়। যদি আপোনাৰ পাকঘৰ ভুল দিশত আছে বা পাকঘৰৰ সৈতে সংযুক্ত যিকোনো বাস্তু দোষ আছে তেতিয়া তাৰ বাবেও উপায় আছে। আপোনালোকে দোষবোৰ দূৰ কৰি ঘৰলৈ সমৃদ্ধি আনিব পাৰে।
দ্বিতীয়তে, ঘৰৰ আগ্নেয় কোণত পাকঘৰ বনোৱাৰ পাছতো কেতিয়াবা কিছু ভুল থাকি যাব পাৰে। যদিহে আপোনালোকৰ পাকঘৰৰ আগ্নেয় কোণৰ দোৱাৰ পূব দিশত খোল খোৱা হয় তেন্তে, পূব দিশৰ সলনি অন্য দিশৰ ফালে পাকঘৰৰ দৰ্জা খুলিব লাগে। পূব দিশত পাকঘৰৰ দৰ্জা খোল খালে ঘৰৰ মানুহবোৰৰ মানসিক চাপ বাঢ়ে বা চিন্তিত হৈ থাকে।
তৃতীয়তে, ৰন্ধাৰ সময়ত, আপুনি পূব দিশৰ ফালে মুখ কৰি ৰান্ধিব লাগে। আগ্নেয় কোণত অৱস্থিত পাকঘৰত পূব দিশৰ ফালে মুখ কৰি খাদ্য ৰান্ধিলে ঘৰত বেমাৰ আজাৰ নহয়।
চতুৰ্থতে, পশ্চিম আৰু দক্ষিণ দিশৰ ফালে মুখ কৰি খাদ্য ৰন্ধা ৰান্ধনীৰ সদায় স্বাস্থ্য বেয়া হৈ থাকে। শাৰীৰিক দূৰ্বলতা আহে। মনৰ আনন্দ নাইকীয়া হৈ থকাৰ লগতে মনটোও অশান্ত হৈ থাকে। লগতে এনেকৈ বনোৱা খাদ্য খোৱা সকলৰ আত্মবিশ্বাস কমি যায়।
পঞ্চমতে, পশ্চিম দিশত যদি আপোনাৰ পাকঘৰ থাকে আৰু খাদ্য পশ্চিমদিশৰ ফালে মুখ কৰি ৰান্ধিব লাগে, তেন্তে খাদ্য সদায় বনাইয়েই থাকিব লাগে। অৰ্থাৎ এনেকুৱা ঘৰত পাকঘৰৰ অহৰহ ব্যৱহাৰ হৈ থাকে আৰু আলহীৰ আগমন ঘটিয়েই থাকে।
ষষ্ঠতে, পাকঘৰ উত্তৰ- পূব দিশত হ’লে মানসিক অশান্তি আৰু বহুত খৰছ হয়। ঘৰত কাজিয়া আৰু ধন হানি হোৱাৰ লগতে খাদ্যসম্ভাৰ নষ্ট হয়। লগতে স্বাস্থ্যজনীত সমস্যাৰ সন্মুখীন হ’ব লগাও হব পাৰে।
সপ্তমতে, পাকঘৰৰ কাষতে বাথৰুম বা শুৱা ৰুমৰ লগত হ’ব নালাগে আৰু ওপৰ বা তলটো হ’ব নালাগে। শুৱা ৰুমৰ লগত পাকঘৰ কেতিয়াও নিৰ্মাণ নকৰিব। কাৰণ পাকঘৰত মঙ্গল গ্ৰহই শাসন কৰে আৰু শুৱা ৰুমত থাকে শুক্ৰ গ্ৰহ। এই দুটা গ্ৰহ একেলগে থাকিলে অশুভ ফল প্ৰদান কৰে।
অষ্টমতে, খাদ্য ৰন্ধা সময়ত ৰান্ধনীৰ পিছফালে দৰ্জা থাকিব নালাগে। অন্যথা কঁকাল, পিঠি, ডিঙি আদিৰ বিষ হয়।
নৱমতে, দক্ষিণ-পশ্চিম দিশত পাকঘৰ হ’লে সদায় কাজিয়া হৈ থাকে। ফলস্বৰূপে জীৱনটো দুখেৰে ভৰি পৰে। উত্তৰ দিশত পাকঘৰ হ’লে বহুত শুভ বুলি গণ্য কৰা হয়। এই স্থান কুবেৰৰ স্থান বুলি কোৱা হয়। এই ঠাইখিনি চফা কৰি ৰাখিব লাগে।
দশমতে, পাকঘৰৰ লগত মন্দিৰ বা গোসাঁই ঘৰ স্থাপন কৰিব নালাগে। পাকঘৰত ব্যৱহাৰ কৰা প্ৰত্যেক বস্তু মঙ্গলৰ প্ৰতীক। যেনে- জলকীয়া, মচলা, তেল, কেৰাচিন আদি। মঙ্গল উগ্ৰ গ্ৰহ। ই প্ৰভাৱ বৃদ্ধি কৰে সেই কাৰণে পূজা কৰোঁতে আমাৰ মনৰ স্থিৰতা নাথাকে।
বাস্তু দোষ দূৰ কৰিবলৈ পাকঘৰৰ উত্তৰ-পূব অৰ্থাৎ ঈশান দিশত সেন্দুৰৰ গণেশৰ ফটো লগাব লাগে। ইয়াৰ উপৰিও ঘৰত মা অন্নপূৰ্ণা বা অন্নৰে পৰিপূৰ্ণ গণেশৰ মূৰ্তিও থ’ব পাৰে। ইয়াৰ দ্বাৰা ঘৰখনৰ উন্নতি হয়।