আজি অৰ্থাৎ, ১ মাৰ্চ, মঙ্গলবাৰৰ দিনা পালন কৰা হ’ব মহা শিৱৰাত্ৰি। এইবাৰৰ মহাশিৱ ৰাত্ৰি বহুত শুভ যুগ আৰু দূৰ্লভ সুযোগৰ সৈতে আহিছে।
আজিৰ এই মহাশিৱ ৰাত্ৰি দুটা শুভ সুযোগ স্থাপন হ’ব। ধনুষ্ঠা নক্ষত্ৰত পৰিধ যুগ আৰু লগতে এইদিনা পঞ্চগ্ৰহী যুগ ও স্থাপন হ’ব। চতুৰ্দশী তিথি আৰম্ভ হ’ব ১ মাৰ্চৰ ৰাতিপুৱা ৩ টা বাজি অৰ্থাৎ প্ৰাতঃ ৩ টা বাজি ১৬ মিনিটৰ পৰা। শেষ হ’ব ২ মাৰ্চৰ ৰাতি ১ টা বজাত।
শিৱৰাতিৰ দিনা শিৱলিংগত গাখীৰ, মৌ, বেলপাত আৰু ঘি আদিৰে অভিষেক কৰা হয় আৰু যদি আপুনিও এই বস্তুৰে অভিষেক কৰিছে তেন্তে শিৱলিংগৰ পৰা বৈ অহা অভিষেক এটি পাত্ৰত ভৰাই আনি ঘৰলৈ লৈ আহক আৰু ঘৰৰ চাৰিওফালে ছটিয়াই দিয়ক লগতে ঘৰৰ পৰিয়ালক খাবলৈ দিয়ক. এনে কৰিলে ৰোগ ব্যাধিৰ পৰা মুক্তি পাব আৰু ঘৰৰ সংকটবোৰ দূৰ হয়।
কাৰোবাৰ ব্যৱসায় – বাণিজ্যত সমস্যা থাকিলে এই মহাশিৱৰাত্ৰীত কিছু কাম কৰিলে সুফল পাব পাৰি৷ এই শিৱৰাত্ৰীৰ দিনা ৰাতিপুৱা অথবা সন্ধিয়া স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি মহাদেৱৰ ওচৰত এটি শুদ্ধ প্রদীপ জ্বলাই হাতৰ মুঠিত এটি পঞ্চমুখীয়া ৰুদ্ৰাক্ষ লৈ হাতযোৰ কৰি শ্ৰদ্ধা আৰু ভক্তিৰে ” ঔম্ নমঃ শিৱাই ” মহামন্ত্রটি ১০৮ বাৰ জপ কৰিব। যাৰ ফলত মহাদেৱ অত্যন্ত সন্তুষ্ট হ’ব আৰু ভক্তৰ সকলো দুখ দুৰ্গতিৰ লগতে আর্থিক সমস্যা আৰু ব্যৱসায়ৰ ক্ষেত্ৰত থকা সমস্যা আঁতৰ হব। জপ কৰি উঠি সেই ৰুদ্ৰাক্ষ এখন ৰঙা কাপোৰত বান্ধি দোকানৰ কেচ্ বাকচত ৰাখিবলৈ নাপাহৰিব। ব্যৱসায় নকৰা সকলেও এই ৰুদ্ৰাক্ষ ঘৰৰ ধন টকা ৰখা বাকচত ৰাখিলে ঘৰলৈ ধন টকা অহাৰ পথ প্রশস্ত হয়।
মহা শিৱৰাত্ৰীৰ দিনা কি কি নিবেদন কৰিলে কি কি লাভ হয় ?
যিজন ব্যক্তিৰ ওপৰত ভগৱান শিৱৰ আশীষ থাকে তেওঁক কোনো শক্তিয়ে অপকাৰ কৰিব নোৱাৰে। এই পবিত্র দিনটোত শিৱলিংগত অভিষেক কৰিলে মানুহৰ আত্মা আৰু মন শুদ্ধ হৈ পৰে। নিঃসন্তান দম্পত্তি সকলে সুগন্ধি যুক্ত জলেৰে শিৱলিংগত অভিষেক কৰি সন্তান প্রাপ্তিৰ আশা কৰিব পাৰে। বেল ফল আৰু আন নবৈদ্য প্ৰদানেৰে আৰোগ্য কামনা কৰিব পাৰি৷ গাখীৰৰ দ্বাৰা নবৈদ্য কৰিলে মনৰ শান্তি ঘূৰাই পাব পাৰি৷ ঘি আৰু কুঁহিয়াৰ ৰসৰ দ্বাৰা মহাদেৱক অভিষেক কৰিলে সম্পদ আৰু সম্পত্তিৰ লগতে সুখ প্রাপ্তি হয়। ভাং অৰ্পণ কৰিলে শত্ৰুৰ ওপৰত জয়লাভ কৰিব পাৰি আৰু মনৰ আশা পূৰণ হয়। লগতে গঙ্গাজল অৰ্পণ কৰিলে মোক্ষ প্রাপ্তি হয়।
মহাশিৱ ৰাত্ৰি দিনা ভগৱান শিৱ আৰু পাৰ্বতীৰ পূজা কৰা হয়। এইদিনা শিৱ আৰু পাৰ্বতীৰ বিয়া হৈছিল। এই দিনা ৰাতি চাৰি ঘন্টা পূজা কৰিব লাগে। নিশ্চিত কালৰ যি শুভ মহূৰ্তত হ’ব সেইয়া ৰাতি ১২ টা বাজি ৫ মিনিটৰ পৰা ৰাতি ১২ টা বাজি ৫৮ মিনিটলৈকে থাকিব। অৰ্থাৎ ৫০ মিনিটৰ পূজাৰ যি শুভ মহূৰ্তত থাকিব, তেতিয়া আপুনি ভগৱান শিৱক পূজা কৰি প্ৰসন্ন কৰিব পাৰিব।
এইবাৰৰ মহাশিৱ ৰাত্ৰিত বহুত প্ৰকাৰৰ ৰাজ যুগ আৰু দূৰ্লভ ধন যুগৰ নিৰ্মাণ হৈছে। যদি আপুনি মহাশিৱ ৰাত্ৰিৰ দিনা ৰাতি শুৱাৰ আগত মনে মনে ঝাৰু তলত লোকোৱাই থয় এটা বস্তু তেতিয়া মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বসতি লোৱাটো নিশ্চিত।
মহাশিৱ ৰাত্ৰিৰ দিনা ৰাতি শুৱাৰ আগত যদি আপুনি ঝাৰুৰ তলত মনে মনে অলপ ক’লা তিল লোকোৱাই ৰাখে বা থয়, তেতিয়া ইয়াৰ ফলত ঘৰৰ নকাৰাত্মকতা দূৰ হ’ব।
শুৱাৰ আগত আপুনি ঝাৰুৰ তলত লং বা ইলাচীও থ’ব পাৰে। এনে কৰিলে মা লক্ষ্মীৰ কৃপা সদায় লাভ কৰিব আৰু জীৱনত ধনৰ অভাৱ নহয়।
ৰঙা জলকীয়া ও থ’ব পাৰে ইয়াৰ ফলত নকাৰাত্মকতা নাইকীয়া হ’ব। সকাৰাত্মকতাৰ সঞ্চালন হ’ব আৰু সুখ সমৃদ্ধি থাকিব। মহাশিৱ ৰাত্ৰিৰ দিনা ৰাতি শুৱাৰ আগত যদি আপুনি এইসমূহ বস্তু ৰাখে। তেতিয়া আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা সদায় থাকিব।
এইবাৰৰ মহাশিৱ ৰাত্ৰিৰ বহুত বিশেষত্ব আছে, সেয়েহে ৰাতি শুৱাৰ আগত এইসমূহ বস্তু ঝাৰুৰ তলত থৈ দিব , তেতিয়া আপোনাৰ ওপৰত সদায় মা লক্ষ্মীৰ কৃপা থাকিব। জীৱনত সুখ-সমৃদ্ধিৰ লগতে ধনৰ বৰষুণ হ’ব।