গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগৰ উদ্যোগত ২২ মাৰ্চত “Groundwater, making the invisible visible” বাণীৰে বিশ্ব জল দিৱস উদযাপন কৰা হয়। বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে সৰস্বতী বন্দনা পৰিবেশন কৰে। আনহাতে দিৱস উপলক্ষে বিভাগৰ মূৰব্বী অধ্যাপক ডঃ পল্লৱী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ ভূ-তাত্বিক বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰুন্তি চৌধুৰী।
ভাষণ প্ৰসংগত ডঃ চৌধুৰীয়ে এইবাৰৰ বিশ্ব জল দিৱসৰ বাণীৰ তাৎপৰ্য দাঙি ধৰি ” Status and Issues Of Groundwater and its management in Assam” বিষয়ত বক্তৃতা প্ৰদান কৰে। দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন পৰিচালনা কৰে হৃদয় ৰঞ্জন শইকীয়াই। প্ৰতিযোগিতাৰ অন্তত বিজয়ীসকলৰ মাজত বঁটা আৰু মানপত্ৰ বিতৰণ কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় পৰিবেশ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ মিনাক্ষী বৰাই।