৩০ মে’ ২০২০ তাৰিখ শনিবাৰে ভাৰত চৰকাৰে যোৱা ২৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় লকডাউনৰ সমাপ্তিৰ কথা ঘোষণা কৰে৷
এয়া আছিল প্ৰত্যাশিত- দুমাহৰ পিছত প্ৰথমবাৰলৈ লকডাউন মুকলি কৰি দিয়াৰ পিছত ৰাস্তা-ঘাট আনকি আকাশতো বিগত ১০ দিন ধৰি ব্যস্ততা পৰিলক্ষিত হ’ল৷ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কৰ্মস্থলী ইতিমধ্যেই মুকলি কৰা হৈছে, নিৰ্মাণ কৰ্ম আৰম্ভ কৰা হৈছে, বজাৰত জন-সমাগম বৃদ্ধি পাইছে৷ অতি শীঘ্ৰেই হোটেল, ৰেষ্টুৰেণ্ট, মল, উপাসনা গৃহ, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহো খুলিব৷
কিন্তু এই মহামাৰীয়ে তেতিয়াও নিজৰ প্ৰাদুৰ্ভাৱ দেখুৱাই থাকিব৷ যেতিয়া ভাৰত লকডাউনৰ পৰ্যায়লৈ গুচি গৈছিল সেই সময়ত কেৱল ৫১৯ জন লোক ৰোগত আক্ৰান্ত হৈ আছিল আৰু ১০ জনৰ মৃত্যু হৈছিল৷ এতিয়া এই সংখ্যাই দুই লাখৰ সীমা অতিক্ৰম কৰিছে আৰু মৃত্যুৰ সংখ্যাই ছয় হাজাৰৰ সীমা অতিক্ৰম কৰিছে৷
সঁচাকৈয়ে এই লকডাউন ভাৰতৰ সামৰ্থতীত হৈছে নেকি?
প্ৰথম দিনৰে পৰা ভাৰতৰ লকডাউনে বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ বিশেষকৈ দৈনিক হাজিৰা কৰি লোকসকলে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ কোটি কোটি লোকৰ জীৱন প্ৰভাৱিত হৈছিল৷ বৃহৎ গাড়ী নিৰ্মাতাৰ পৰা আৰম্ভ কৰি পদপথৰ তামোল বিক্ৰী কৰা দোকানীজনলৈ, সকলোৱে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ বিধ্বস্ত অৰ্থনীতি আৰু নিবনুৱা সমস্যা বৃদ্ধিৰ সৈতে ভাৰতৰ বিকাশৰ হাৰ ৩০ বছৰলৈ পিছুৱাই গৈছিল৷
ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ তথা অৰ্থনীতিবিদ ৰঘূৰাম ৰাজনে কয় যে চলিত বৰ্ষৰ এপ্ৰিলৰ শেষলৈ দেশৰ পৰা লকডাউন প্ৰত্যাহাৰ কৰাটো আৱশ্যম্ভাৱী হৈ পৰিছিল কিয়নো পৰৱৰ্তী পৰ্যায়ৰ লকডাউন ‘বিনাশকাৰী’ হোৱাৰ থল আছে৷