নেচনেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ২৬ জুন তাৰিখে উত্তৰ প্ৰদেশত ১ কোটি নিয়োজনৰ কথা ঘোষণা কৰিব৷ এই ঘোষণাৰ জৰিয়তে উত্তৰ প্ৰদেশ দেশৰ ভিতৰতে এনে প্ৰথমখন ৰাজ্যলৈ পৰিণত হ’ব যিয়ে এই অভিলেখ সংখ্যক নিয়োজন প্ৰদান কৰিব৷ এই ক্ষেত্ৰত ৰাজ্যখনলৈ উভতি অহা প্ৰব্ৰজিত কৰ্মীসকলে অধিক সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে৷
কৰ্ম সংস্থাপন প্ৰদান কৰা এই অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভিডিঅ’ কনফাৰেন্সিংযোগে অংশগ্ৰহণ কৰিব৷
উল্লেখ্য, উত্তৰ প্ৰদেশলৈ এই পৰ্যন্ত প্ৰায় ৩৫ লাখ প্ৰব্ৰজিত শ্ৰমিকে বিভিন্ন ৰাজ্যৰ পৰা ঘূৰি আহিছে৷