নিউজ ডেস্কঃ কোৱা হয় শিশুসকল ভগৱান দ্বিতীয় ৰূপ।
যি সময়ত শিশুৱে পিতৃ-মাতৃৰ মৰমৰ সঁজাত বন্দী হৈ থাকে তেনে সময়তে দেশৰ কেইগৰাকীমান শিশুৱে কিছুমান ব্যতিক্ৰমী কাম, ব্যতিক্ৰমী চিন্তা-চৰ্চাৰে দেশখনৰ ভিতৰতে এক বিশেষ সন্মানেৰে সন্মানিত হ’ল।
যিসময়ত সমগ্ৰ বিশ্বতে ক’ৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছিল সেই সময়ত এইসকল শিশুৱে ব্যস্ত আছিল সমাজ সেৱা তথা বিভিন্ন কামত ৷
উল্লেখযোগ্য যে, দেশৰ ৩২ জন শিশুৰ লগতে ২০২১ বৰ্ষত অসমৰ কিশোৰ তনুজ সমাদ্দাৰলৈ আগবঢ়োৱা হৈছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ।
কলা আৰু সংস্কৃতি, উদ্ভাৱনী, ক্ৰীড়া, সাহসিকতা আৰু সমাজ সেৱাৰ দৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে প্ৰদান কৰা হয় এই বঁটা।
উল্লেখ্য যে চলিত বৰ্ষত ৭ গৰাকী শিশুলৈ কলা আৰু সংস্কৃতি শিতানত, ৯ গৰাকীক উদ্ভাৱনী পাৰদৰ্শিতা, ৭ গৰাকীক ক্ৰীড়া আৰু ৫ গৰাকী শিশুৰ শিক্ষাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।
২০২১ চনৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটা প্ৰাপ্ত শিশুসকলৰ নামৰ তালিকাঃ