নেচনেল ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে আৰু সেই ভাষণত চলিত বৰ্ষৰ নৱেম্বৰ মাহলৈ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা সম্প্ৰসাৰিত কৰাৰ কথা উল্লেখ কৰে৷
দৰিদ্ৰলৈ সহায়ৰ হাত
প্ৰধানমন্ত্ৰীয়ে লকডাউনৰ সময়ছোৱাত অভাৱীজনলৈ খাদ্য যোগান ধৰা কাৰ্যক অগ্ৰাধিকাৰ স্থান দিছে৷ লকডাউনৰ বিষয়ে ঘোষণা কৰাৰ লগে লগে চৰকাৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ বিষয়েও ঘোষণা কৰিছিল৷ এই যোজনাৰ অধীনত দৰিদ্ৰসকলৰ সহায়ৰ বাবে ১.৭৫ লাখ কোটি টকাৰ ঘোষণা কৰা হৈছিল৷
তেওঁ কয় যে যোৱা তিনি মাহত প্ৰায় ২০ কোটি দৰিদ্ৰ পৰিয়ালৰ জন ধন একাউণ্টলৈ ৩১,০০০ কোটি টকা স্থানান্তৰিত কৰা হৈছে, ৯ কোটিতকৈও অধিক কৃষকৰ বেংক একাউণ্টলৈ ১৮,০০০ কোটি টকা স্থানান্তৰিত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাত ৫০,০০০ কোটি টকা ব্যয় কৰা হৈছে৷
নৱেম্বৰলৈ সম্প্ৰসাৰিত কৰা হৈছে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা
প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰটিটো পৰিয়ালৰ প্ৰতিজন সদস্যলৈ প্ৰতিমাহে অৰ্থাৎ ৮০ কোটিতকৈও অধিক লোকলৈ ৫ কিলোগ্ৰাম বিনামূলীয়া ঘেঁহু/চাউল আৰু ১ কিলোগ্ৰাম বিনামূলীয়া গোটা চানা প্ৰদান কৰা হৈছে আৰু এয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰিষাৰ ঋতু আৰম্ভ হোৱাৰ লগে লগে কৃষি খণ্ডত বিভিন্ন কামৰ সৃষ্টি হৈছে৷ তাৰোপৰি এটাৰ পিছত এটাকৈ উৎসৱসমূহো আৰম্ভ হ’বলৈ ধৰিছে৷ এই আটাইবোৰ পৰ্ব তথা কৰ্মৰ প্ৰতি লক্ষ্য ৰাথি চৰকাৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা দিপাৱলী আৰু ষঠ পুজা পৰ্যন্ত সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জুলাই মাহৰ পৰা নৱেম্বৰৰ শেষলৈ এই আঁচনিটো প্ৰণয়ন কৰা হ’ব৷ এই পাঁচ মাহত ৮০ কোটিতকৈও অধিক লোকক ৫ কিলোগ্ৰাম বিনামূলীয়া ঘেঁহু/চাউল প্ৰতিমাহে প্ৰেৰণ কৰা হ’ব৷ ইয়াৰোপৰি প্ৰতিটো পৰিয়াললৈ ১ কিলোগ্ৰাম বিনামূলীয়া গোটা চানাও প্ৰতিমাহে প্ৰদান কৰা হ’ব৷
এই আঁচনিৰ সম্প্ৰসাৰণৰ ফলত চৰকাৰে ৯০,০০০ কোটি টকা অতিৰিক্তভাৱে ব্যয় কৰিবলগীয়া হ’ব৷ আৰু পূৰ্বৰ তিনি মাহৰ ব্যয়ৰ সৈতে সম্পূৰ্ণ আঁচনিটোত ১.৫ লাখ কোটি টকা ব্যয় হ’ব৷ এই আঁচনিটো সফল কৰি তোলাৰ সম্পূৰ্ণ কৃতিত্ব প্ৰধানমন্ত্ৰীয়ে কঠোৰ পৰিশ্ৰমী কৃষক তথা দেশৰ নিষ্ঠাৱান কৰদাতাসকলক প্ৰদান কৰে৷
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ‘এক দেশ, এক ৰেচন কাৰ্ড’ৰ বিষয়েও আলোকপাত কৰে৷
আনলক ২ৰ সময়ত সুৰক্ষিত হৈ থাকক
প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি আনলক ২ত প্ৰৱেশ কৰিছে৷ এই সময়ছোৱাত তেওঁ সকলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়৷ আনলক ১ৰ সময়ত হোৱা অসতৰ্কতামূলক আচৰণৰ বিষয়ে আলোকপাত কৰি তেওঁ জনসাধাৰণত মাস্ক পৰিধান, দুই গজৰ দূৰত্ব অৱলম্বন আৰু ২০ ছেকেণ্ড পৰ্যন্ত হাত ধোৱা আদিৰ বিষয়ে উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে লকডাউনৰ সময়ছোৱাত পালন কৰা সাৱধানতাসমূহ আনলক ২ৰ সময়তো পালন কৰিব লাগিব৷ এই প্ৰসংগত তেওঁ আন এখন দেশত ৰাজহুৱা স্থানত মাস্ক নিপিন্ধাৰ বাবে ১৩০০০ টকাৰ জৰিমণা ভৰিবলগীয়া হোৱাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে ভাৰতৰ স্থানীয় প্ৰশাসনো এই ক্ষেত্ৰত কঠোৰ হ’ব লাগিব৷ নিয়ম-নীতিৰ পৰা প্ৰধানমন্ত্ৰীও ঊৰ্ধত নহয় বুলি তেওঁ উল্লেখ কৰে৷
দৃষ্টি সন্মুখলৈ
প্ৰধানমন্ত্ৰীয়ে কয় যে আগন্তুক সময়ছোৱাত চৰকাৰে দৰিদ্ৰ আৰু আৰ্তজনৰ সৱলীকৰণত গুৰুত্ব প্ৰদান কৰিব৷ অৰ্থনৈতিক গতিবিধিসমূহো আৱশ্যকীয় সতৰ্কতা অৱলম্বন কৰি সম্প্ৰসাৰিত কৰাৰ প্ৰয়াস কৰা হ’ব৷ তেওঁ জনসাধাৰণক আত্মনিৰ্ভৰ ভাৰতৰ হকে কাম কৰিবলৈ তথা থলুৱা সামগ্ৰীৰ হকে মাত মাতি যাবলৈও আহ্বান জনায়৷