বনাঞ্চল ধ্বংস ,পাহাৰীয়া আৰু নদীৰ অৱবাহিকা অঞ্চল বেদখল, নগৰ/চহৰ সমূহৰ বৰষুণ/ব্যৱহৃত পানী নিষ্কাষণৰ যাৱতীয় নলা নৰ্দমাৰ বিলুপ্তি, দুৰ্ব্বল মথাউৰীবোৰৰ ভাঙোন আৰু জলবায়ু পৰিৱৰ্ত্তনেই হল আমাৰ ৰাজ্যখনৰ বান সমস্যা জটিল কৰাৰ প্ৰধান কাৰক। অসমৰ ক্ষেত্ৰত উপৰ্যপুৰি প্ৰতি বছৰে হোৱা বানত অসমৰ প্ৰায় ৪৫ লক্ষ মানুহ প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হয়। প্ৰায় শতকৰ ঘৰত মানুহৰ প্ৰাণনাশ হয়। পশুধনকে আদি কৰি লক্ষাধিক বন্য জন্তু নিধন/প্ৰভাৱিত হয়।
৩ লক্ষ হেক্টৰৰো অধিক কৃষি ভূমি বানত বুৰ যায়। ৮০০০ বৰ্গ কিঃমিঃ ভূমি প্ৰতি বছৰে বান আৰু খহনীয়াত বিলুপ্ত হয়। বিগত ৬০ বছৰত পূৰ্ব্বসুৰী চৰকাৰসমূহে বান/খহনীয়া প্ৰতিৰোধৰ বাবদ প্ৰায় ৩০,০০০ কোটি টকা ব্যয় কৰিছে। বহ্মপুত্ৰ আৰু বিভিন্ন উপনৈ সমূহত প্ৰায় ৪৫০টা মথাউৰি আছে। ইয়াৰে ৫০% মথাউৰি দুৰ্ব্বল আৰু বান প্ৰতিৰোধ বাবে অক্ষম। অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে হ্ৰস্বম্যাদী মথাউৰি/স্পাৰ নিৰ্ম্মাণতে গুৰুত্ব প্ৰদান কৰা দেখা যায়। নদীৰ অৱবাহিকা অঞ্চল চপাই আনি নিৰ্ম্মাণ কৰা মথাউৰিসমূহে বাৰিষাৰ সময়ত পৰিস্থিতি অধিক বিপদজনক কৰি তোলে। জল পৰিবাহী পৃষ্ঠ সংকুচিত হোৱাৰ ফলত বাৰিষা বেছি ভাগ মথাউৰি বিছিন্ন হৈ ভয়ানক পৰিস্থিতি উদ্ভৱ হয়।
বহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ অবৱাহিকা অঞ্চলসমূহ বেদখল মুক্ত কৰি নদীৰ জল পৰিবাহী পৃষ্ঠ বৃদ্ধি কৰি দুয়ো কাষে বৃক্ষ ৰোপণ কৰি তাৰ পাছত মথাউৰি নিৰ্মাণ কৰিলেহে তেনে মথাউৰিৰ সুফল পোৱা যাব। অৱবাহিকা পৃষ্ঠৰ দুয়ো কাষে ভেটিভাৰ(vetiver) জাতীয় বৃক্ষ ৰোপণ কৰিব পৰা যায়, এই জাতীয় উদ্ভিদৰ শিপা ৩/৪ মিটাৰ পৰ্য্যন্ত ভূমিৰ তলত গৈ প্ৰাচীৰৰ দৰে সৱল হোৱাৰ বাৱে ভূমিক্ষয় কম হোৱা দেখা যায়। পদ্মশ্ৰী যাদৱ পায়েং দেৱে ১৩ বছৰ বয়সতে মাজুলীৰ ৫৫০ হেক্টৰ বান অধ্যূষিত অঞ্চলত বাহঁগছ ৰোপণেৰে বহ্মপুত্ৰ খহনীয়া আৰু বান প্ৰতিৰোধ কৰি তেনে উদাহৰণ দাঙি ধৰিছে । বান প্ৰতিৰোধৰ ক্ষেত্ৰত অগ্ৰণী দেশ নেদাৰলেণ্ডে সাগৰীয় ভূমিৰ ৪০ শতাংশ সেউজীকৰণৰ জৰিয়তে আৱাসী অঞ্চললৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে।
নেদাৰলেণ্ডৰ দৰে দেশত প্ৰায় সকলো নদীৰ পকী মথাউৰিসমূহ এনে ব্যৱস্থাৰে নিৰ্মাণ কৰা হৈছে। বৰ্তমানৰ চৰকাৰখনে অৱশ্যে মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত এক উচ্চস্তৰীয় কাৰিকৰী সংস্থাক জড়িত কৰাৰ ইংগিতে এক শুভ লক্ষণ বহন কৰিছে । চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত থকা জলাশয় সমূহ পৰিষ্কাৰ আৰু সক্ৰিয় কৰি ৰাখিলে বান পৰিস্থিতি অধিক অৱনতি হোৱাৰ পৰা ৰক্ষা হ’ব। বাৰিষাৰ সময়ত বহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগতে নগৰ/চহৰ অঞ্চলত হোৱা বৰষুণ/আৱাসিক অঞ্চলৰ পৰা ওলোৱা জলৰাশি বিভিন্ন নলা নৰ্দমাই দি গৈ নদী সমূহত পৰাত, বান সমস্যাই জটিল ৰূপ ধাৰণ কৰে।
গতিকে বৰষুণ আৰু আবাসিক অঞ্চলৰ পৰা ওলোৱা জলৰাশি পুনঃঘূৰ্ণন(Recycling) প্ৰক্ৰিয়াৰ দ্বাৰা মানুহৰ বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি। পাশ্চাত্যৰ বহু উন্নত দেশত নিৰ্মাণ কৰা স্পঞ্জ চিটি(sponge city) আৰ্হিত ছিদ্ৰ এছফালত্(porus asphalt) পথৰ যোগদি বৰষুণৰ পানী পুনঃ ব্যৱহাৰ কৰিব পাৰি। চৰকাৰৰ চহৰ/নগৰ উন্নয়ন বিভাগ আৰু লোক নিৰ্ম্মাণ বিভাগক উক্ত কামত নিয়োজিত কৰিব পাৰি। পৰিবৰ্ত্তিত জলবায়ুৰ ফলত অনিয়মীয়া বৃষ্টি/অতিবৃষ্টি হৈ বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ লোৱা দেখা যায়। অসমৰ আয়ুৰেখা স্বৰূপ বহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থকা ঘাই উপনৈ যেনে সোৱণশিৰি, কামেং, বেকী ,মানস, গদাধৰ আৰু দক্ষিণপাৰত থকা দিবাং, লুহীত, বুৰিদিহিং, দিখৌ, ধনশিৰী, কপিলী নৈৰ মোহনাত ক্ষুদ্ৰ ক্ষুদ্ৰ বহুমুখী প্ৰকল্প নিৰ্মাণৰ আঁচনি ললে বুজন পৰিমাণে বানপানী নিয়ন্ত্ৰণ হোৱাৰ লগতে বিদুৎ উৎপাদন, জলসিঞ্চন, পানী যোগান আদিৰো সুবিধা হব। অৱশ্যে উত্তৰ পূৰ্ৱাঞ্চলৰ দৰে ভুমিকম্প প্ৰৱণ অঞ্চলত নামনি সোৱণশিৰী প্ৰকল্পৰ দৰে বৃহৎ নদী বান্ধ আঁচনিৰ গ্ৰহণযোগ্যতা সন্দেহৰ আবৰ্ত্তত। বহ্মপুত্ৰৰ উৎপত্তি স্থল তিব্বত আৰু শদিয়াত বহ্মপুত্ৰৰ উচ্চতা ক্ৰমান্বয়ে সাগৰ পৃষ্ঠৰ পৰা ৪.৫ কিঃমিঃ আৰু ১০৮ মিটাৰ।
স্বাভাৱিকতে এনে উচ্চ উৎপত্তি স্থলৰ পৰা নামি আহোতে আৰু হিমালয় তিৰ্ব্বতৰ পলসুৱা মাটিৰ যথেষ্ট পৰিমাণে গেদ, বালি, বোকা আৰু খহনীয়াৰ বাবে বহ্মপুত্ৰৰ বুকু বাম হৈ পৰে। বহ্মপুত্ৰৰ খনন কাৰ্য্য সেই হেতুকে সুদূৰ প্ৰসাৰী হব বুলি আশা কৰিব নোৱাৰি। উক্ত সকলো বান ব্যৱস্থাপনাক হ্ৰস্ব্যম্যাদী আখ্যা দিব পাৰি। বহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বঙ্গোপ সাগৰত পৰা লৈকে, চীন, ভাৰত, ভূটান আৰু বাংলাদেশ এই চাৰিওখন দেশে উমৈহতীয়াভাৱে বৈঠকত মিলিত হৈ সংযোজিত অৱবাহিকা ব্যৱস্থাপনা আঁচনি (Intregated basin management plan)ৰ দ্বাৰা ৰ্দীঘম্যাদী পদক্ষেপ গ্ৰহণ কৰিলেহে বহ্মপুত্ৰক নিয়ন্ত্ৰণলৈ আনি বান সম্যসাৰ ওৰ পেলাব পাৰিব বুলি আশা কৰিব পাৰি।
(লেখক অৱসৰ প্ৰাপ্ত অধীক্ষক অভিযন্তা)
(লেখকৰফোন – ৯৪৩৫০৬৯২০৮)