নিউজ ডেস্কঃ পঞ্চদশ বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই ১৪ খন ৰাজ্যলৈ পোষ্ট ডিভ’লিউচন ৰেভিনিউ ডেফিচিট গ্ৰাণ্টৰ অধীনত দ্বিতীয়টো মাহিলী কিস্তি হিচাপে ৬,১৯৫.০৮ কোটি টকা অনুদান হিচাপে আগবঢ়াইছে৷
এই সন্দৰ্ভত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এইদৰে টুইট কৰিছে, ‘‘ইয়াৰ জৰিয়তে ক’ৰোনাৰ সংকটৰ সময়ত ৰাজ্যসমূহে অতিৰিক্ত সাহায্য লাভ কৰিব৷’’
চৰকাৰী সূত্ৰ অনুসৰি কেন্দ্ৰই অসমলৈ ৬৩১ কোটি টকা অনুদান হিচাপে আগবঢ়াইছে৷ এই অনুদানৰ জৰিয়তে ক’ভিড-১৯ৰ মোকাবিলাৰ সৈতে জড়িত বিষয়সমূহ, কোৱাৰেণ্টিন সুবিধাৰ স্থাপন, নমুনা সংগ্ৰহ আৰু স্ক্ৰীণিং কেন্দ্ৰ আৰু গৱেষণাগাৰ স্থাপন আদিৰ বিষয়সমূহত ব্যয় কৰিব পৰা হ’ব৷
উল্লেখ্য, পোষ্ট ডিভ’লিউচন ৰেভিনিউ ডেফিচিট গ্ৰাণ্ট হ’ল ৰাজ্যসমূহৰ ঘাটিৰ জোৰা মাৰিবলৈ প্ৰদান কৰা এক ধৰণৰ অনুদান৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট