নিউজ ডেস্কঃ মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ সমীপৰ বৰাপানীত থকা ” North East Police Academy ” চমুকৈ “নেপা”ৰ সঞ্চালক হিচাপে যোৱা ১৪ জুলাইত কাৰ্যভাৰ গ্ৰহণ কৰিছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) দীপক কুমাৰে ।
অসম – মেঘালয় কেডাৰৰ ১৯৯৪ বেটছৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দীপক কুমাৰক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জুলাই মাহৰ প্ৰথম সপ্তাহত ডেপুটেচনত “নেপা”ৰ সঞ্চালক হিচাপে নিযুক্তি দিছিল ।অৱশ্যে কাৰ্যভাৰ গ্ৰহণ কৰিলেও কুমাৰ কোভিড প্ৰটকল অনুসৰি ২৮ জুলাই পৰ্যন্ত তাত হোম কোৱাৰেনটিনত থাকিব লাগিব ।
উল্লেখযোগ্য যে ২০১৯ চনৰ মে’ মাহৰ পৰা ডিচেম্বৰ মাহলৈ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা দীপক কুমাৰক এ ডি জি পি লৈ পদোন্নতি দি অসম আৰক্ষীৰ বিশেষ শাখাত নিযুক্তি দিয়া হৈছিল । আৰক্ষী আয়ুক্ত হোৱাৰ পূৰ্বে কুমাৰ সশস্ত্র সীমা বলৰ ( এছ এছ বি ) মহাপৰিদৰ্শকৰ দায়িত্বত আছিল । আনকি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ নেচনেল ডিফেন্স কলেজত ২০১৭ চনত এটা দহমহীয়া ক’ৰ্চ সুখ্যাতিৰে সম্পন্ন কৰিছিল । এগৰাকী নিষ্ঠাবান আৰু সৎ বিষয়া হিচাপে অসম আৰক্ষীত পৰিচিত দীপক কুমাৰৰ নতুন নিযুক্তয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্রীয় পৰ্যায়ৰ আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান “নেপা” ক আৰু অধিক গতিশীল কৰিব বুলি আশা ব্যক্ত কৰা হৈছে ।
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট