নিউজ ডেস্কঃ আমি সকলোৱে নিজক ধুনীয়া কৰি ৰাখিবলৈ বিচাৰো সেয়া লাগিলে পিন্ধন-উৰণে হওক নাইবা ছালৰ যত্ন লোৱাই হওক।কিন্তু সকলো সময়তে পাৰ্লাৰ-চেলুন লৈ গৈ নিজক ধুনীয়া কৰি ৰখাটো বৰ্তমান ব্যস্ত পৃথিৱী খনত বৰ জটিল।সেয়ে ঘৰুৱা কিছু পদ্ধতিৰ সহায় লৈ আমি পাৰ্লাৰত গৈ কৰা কাম খিনি সহজে আৰু বিনা পইচাত কৰিব পাৰো। তাতে এতিয়া ঠাণ্ডাৰ দিন আমাৰ সকলোৰে ছাল বোৰ ৰুক্ষ,খহটা,ফাটি যোৱা পৰিলক্ষিত হয়।এই সমস্যা দূৰ কৰিবলৈ ঘৰতে এটি ফেচপেক ব্যৱহাৰ কৰিব পাৰে।তাৰে বাবে আমাক লাগিব_
১) এটা কল
২) তিনি চামুচ মান নেমু ৰস আৰু
৩) এক চামুচ মৌ
উক্ত গোটেইখিনি সামগ্ৰী এটা বাতিত ভালদৰে মিহলাই লব। তাৰ পিছত সেই মিশ্ৰণখিনি ভালদৰে মুখত লগাই একেবাৰে লাহেকৈ অলপ মালিচ(মাচাজ) কৰিব আৰু শুকাই যোৱালৈ মুখত ৰাখি থব।তাৰ পাছত ঠাণ্ডা পানীৰে ধুই দিব।সপ্তাহত তিনিবাৰ মান কৰিব, আপোনাৰ ছাল খন উজ্জ্বল আৰু মিহি হৈ উঠা দেখিবলৈ পাব।
উপকাৰিতা:-
১) কলে ছাল খন বহু সময়লৈ হাইড্ৰেড কৰি ৰখাত সহায় কৰে।
২) নেমু ৰসে মুখৰ কলা দাগ নাইবা ফোঁহা হৈ যোৱাৰ পাছত থাকি যোৱা দাগ আঁতৰ কৰাত সহায় কৰে।
৩) মৌৱে মুখৰ ছাল মিহি কৰাত সহায় কৰে ।