ভূপেনদাই তেওঁৰ পৰা দিছিলে যিদৰে আনৰ পৰা লৈছিলেও সেইদৰে । তেওঁ অহংকাৰশূন্য শিল্পী আছিল । তেওঁক কোনোবাই যদি কৈছিল, ভূপেনদা , এই সুৰটো বা এই গীতটোৰ এইকণ এনেকুৱা হোৱা হ’লে বেছি ভাল হ’লহেঁতেন কিজানি, তেওঁ পৰামৰ্শটো মনোযোগ দি শুনিছিল আৰু পৰামৰ্শটো উপযুক্ত যেন লাগিলে তেওঁ মানি লৈছিল । তেওঁৰ এই উদাৰ মনটো এগৰাকী প্ৰকৃত শিল্পীৰ মন যেনেকুৱা হ’ব লাগে ঠিক তেনেকুৱা আছিল৷
এইখিনিতে কেইটামান মনত পৰা উদাহৰণ দিব খুজিছোঁ , য’ত তেওঁৰ প্ৰকৃত শিল্পী-মনটোৰ পৰিচয় ফুটি উঠিছে ।
ভূপেনদাৰ ঘনিষ্ঠ বন্ধু আছিল সাহিত্যিক পদ্ম বৰকটকী । ভূপেনদাই তেওঁৰ ‘ নতুন নাগিনী ‘ গানটোৰ কথাংশত লিখিছিল : ‘ অলিয়াবলিয়া মই যাদুকৰ ‘ বুলি । শুনি তেওঁক বৰকটকীয়ে ক’লে যে ‘ অলিয়া-বলিয়া ‘ শব্দটো অলপ পাতল ধৰণৰ হ’ব যেন লাগিছে , তাৰ ঠাইত ‘ সত্যসিদ্ধ ‘ শব্দটো দিলে বেছি ভাল হ’ব যেন পাইছোঁ । ভূপেনদাই বৰকটকীৰ কথাটো মানি ল’লে কিন্তু নিজৰ ‘ অলিয়া-বলিয়া ‘ শব্দটোও লগতে ৰাখি থ’লে । সেয়ে গানটোত দুয়োটা শব্দয়েই আছে ।
‘কাহিনী এটা লিখা’ গানটোৰ কথাংশত ভূপেনদাই পোনতে লিখিছিল ‘ মোৰে বিষয়ে ‘ বুলি । বৰকটকীয়ে ‘সেৱাৰে বিষয়ে ‘ হ’লে বেছি ভাল হ’ব বুলি কোৱাত ভূপেনদাই পৰামৰ্শটো মানি ল’লে ।
এইখিনিতে কৈ থওঁ যে সাধাৰণতে এজন প্ৰখ্যাত ঔপন্যাসিক আৰু সাংবাদিক বুলিহে অত্যধিক পৰিচিত পদ্ম বৰকটকী এজন প্ৰখ্যাত গল্পকাৰ , কবি , গীতিকাৰ , সংবাদ-ভাষ্যকাৰ আৰু প্ৰবন্ধকাৰ আছিল । পদ্ম বৰকটকী যেতিয়া কলিকতাৰ পৰা প্ৰকাশিত ‘ আমাৰ প্ৰতিনিধি ‘ আলোচনীৰ সম্পাদক আছিল , তেতিয়া ভূপেনদাই আলোচনী খনৰ ‘ শিল্পীৰ পৃথিৱী ‘ শিতানটো লিখিছিল ।
মই তেতিয়া যোৰহাটত , ‘ জনমভূমি ‘ কাকতত সাংবাদিকতা কৰোঁ , ভূপেনদাই তেতিয়া
‘ জনমভূমি ‘ ত তেওঁৰ বিখ্যাত শিতান ‘ সুন্দৰৰ সৰু বৰ আলিয়েদি ‘ লিখিবলৈ আৰম্ভ কৰিছে , সেই সূত্ৰেই তেওঁৰ লগত মোৰ ব্যক্তিগত পৰিচয় আৰু ঘনিষ্ঠতা আৰম্ভ হয় । মই তেতিয়া তেওঁ যোৰহাটলৈ গ’লে তেওঁৰ লগে লগে ফুৰোঁ , তেওঁৰ য’তে অনুষ্ঠান হয় , ত’তে উপস্থিত থাকোঁ । এবাৰ যোৰহাট থিয়েটাৰত হোৱা এটা অনুষ্ঠানত তেওঁক গ্ৰীণৰূমত অকলে পাই ক’লোঁ, ‘ ভূপেনদা , আপোনাৰ ‘ যদি জীৱনে কান্দে নাই নাই বুলি ‘ গানটোৰ এটা শব্দ উপযুক্ত হোৱা নাই যেন লাগিছে । ‘ তেওঁ ক’লে , ‘ কোৱাঁচোন ‘ । মই ক’লোঁ , তেওঁ মন দি শুনিলে , গানটোত ‘ বিৰাট ‘ বুজাবলৈ বগলী এটা সাগৰৰ ফালে উৰি যোৱাৰ কথা কৈছে , সাগৰৰ লগত অসমৰ মানুহৰ একো পৰিচয় নাই , ‘সাগৰৰ ফালে ‘ ৰ ঠাইত ‘আকাশৰ ফালে’ হ’লে আপুনি বুজাব খোজাটো একেই নহ’বনে ? তেওঁ তৎক্ষণাত হাঁহি এটা মাৰি মোৰ কথা মানি ল’লে । কিন্তু ক’লে,’ এতিয়া আৰু উপায় নাই, গানটোৰ ৰেকৰ্ডিং কৰা হৈ গ’ ল ।’
এনেকুৱাই আছিল ভূপেন হাজৰিকাৰ উদাৰতা আৰু মুক্ত মন, মুক্ত হৃদয় । ◆
লেখক তথা জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱা দৈনিক অসমৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল৷
ম’বাইল: ৮৬৩৮০২৮৪৮৬ ]