আজি বিশিষ্ট বোলছবি পৰিচালক, সুৰকাৰ, গায়ক, অভিনেতা, অমৰ-শিল্পী ব্ৰজেন বৰুৱাদেৱৰ ওপজা দিন ৷ আজিৰ এই পবিত্ৰ দিনটোত অসমৰ সাংস্কৃতিক জগতৰ এই ভোটাতৰা সদৃশ কলাকাৰ গৰাকীৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণাম যাচি আজি তেখেতৰ ওপজা দিনত গৌৰৱেৰে সোঁৱৰিছো ৷
ব্ৰজেন বৰুৱা (২৭ ফেব্ৰুৱাৰী, ১৯২৫ – ২৮ জুন, ১৯৭২) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অন্যতম ব্যক্তি আছিল। তেখেত আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তদুপৰি তেখেতে গুৱাহাটীৰ বিভিন্ন মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰাৰ উপৰিও মঞ্চ আৰু অনাতাঁৰ কেন্দ্ৰত গীতো গাইছিল। তেখেত মুঠ ৫খন চলচ্চিত্ৰৰ পৰিচালক আৰু ৮খন চলচ্চিত্ৰৰ সঙ্গীত পৰিচালক আছিল। আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা তেখেতৰ ডক্তৰ বেজবৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক মাইলৰ খুঁটিস্বৰূপ।
কামৰূপ জিলাৰ বিহদিয়া গাঁৱৰ চন্দ্ৰনাথ বৰুৱা গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ আছিল। তেখেতে একে জিলাৰ কৰৰা গাঁৱৰ জোনপ্ৰভাক বিয়া কৰাইছিল। চাকৰি সংক্ৰান্তত বিভিন্ন ঠাইত ঘূৰি পকি অৱশেষত গুৱাহাটীৰ লতাশিলত নিজাকৈ এটা ঘৰ নিৰ্মাণ কৰে। এই ঘৰটিতে চন্দ্ৰনাথ বৰুৱাৰ ঔৰষত আৰু জোনপ্ৰভাৰ গৰ্ভত ১৯২৫ চনৰ ২৭ ফেব্ৰুৱাৰীত ব্ৰজেন বৰুৱাৰ জন্ম হৈছিল।
ব্ৰজেন বৰুৱাই গুৱাহাটীত স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজত নাম লগায়। কিন্তু ১৯৪৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত উভতি আহি কটন কলেজত বি.এচ.চি. পৰ্যন্ত পঢ়ে যদিও উপাধি ল’ব নোৱাৰিলে। তেওঁ জনস্বাস্থ্য বিভাগৰ চাকৰিয়াল হিচাপে শ্বিলঙত আৰু পিছত চৰকাৰৰ ধান সংগ্ৰহকাৰী বিষয়া হিচাপে জামুগুৰিহাটত কিছুকাল চাকৰি কৰিছিল। কিন্তু সোনকালেই চাকৰি এৰি সংস্কৃতিৰ সাধনাত লাগে।
নিচেই কম বয়সৰেপৰা তেখেতে গীতত সুৰ দিবলৈ লয়। ছাত্ৰাৱস্থাতে অজিৎ বৰুৱা, কেশৱ মহন্ত আদিৰ গীতত সুৰাৰোপ কৰিছিল। গুৱাহাটীৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰিবলৈ লোৱা বৰুৱা অসমত অৰ্কেষ্ট্ৰাৰ অন্যতম প্ৰৱৰ্তক। ‘ছয় ঋতু’, ‘যুদ্ধ আৰু শান্তি’, ‘এটি শিশুৰ জন্ম’ আদি তেওঁৰ এই সম্পৰ্কীয় উল্লেখযোগ্য সৃষ্টি। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ মুকলি কৰা হয়। প্ৰথমে অনাতাঁৰ কেন্দ্ৰৰ কাৰ্যালয় আৰু ষ্টুডিঅ’ আছিল লতাশিলত, বৰুৱা পৰিয়ালৰ নিচেই ওচৰত। ব্ৰজেন বৰুৱাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত এজন সুৰকাৰ আৰু কণ্ঠশিল্পী ৰূপে পদাৰ্পন কৰে। পঞ্চাছৰ দশকৰ আৰম্ভণিৰ পৰা বৰুৱাই ৰেডিঅ’ৰ সীমাবদ্ধ পৰিসৰৰ পৰা ওলাই চলচ্চিত্ৰৰ সঙ্গীত ৰচনা আৰু পৰিচালনাত মনোনিবেশ কৰে।
পৰিচালিত চলচ্চিত্ৰ:
ইটো সিটো বহুতো (১৯৬৩ প্ৰথম অসমীয়া কমেডী ছবি)
ডক্তৰ বেজবৰুৱা ( ১৯৬৯ )
মুকুতা (১৯৭০ )
ললিতা ( ১৯৭২ )
ওপজা সোণৰ মাটি ( ১৯৭২ )
সংগীত পৰিচালনা :
স্মৃতিৰ পৰশ (১৯৫৬ )
লখিমী (১৯৫৬ )
মাক আৰু মৰম (১৯৫৭ )
ভক্ত প্ৰহ্লাদ ( ১৯৫৮ )
আমাৰ ঘৰ (১৯৫৯)
নৰকাসুৰ (১৯৬১ )
অভিনীত বোলছবি সমুহ :
স্মৃতিৰ পৰশ
মাক আৰু মৰম
নৰকাসুৰ
ইটো সিটো বহুতো
ডক্তৰ বেজবৰুৱা
বৰুৱাৰ সংসাৰ
মুকুতা
ওপজা সোণৰ মাটি ।
১৯৭২ চনৰ ২৮ জুনত তেখেতৰ মৃত্যু হয়।
(সংগৃহীত)