ৰঙা ডেগ্ৰনৰ প্ৰতীকস্বৰূপ চীনক হুংকাৰ দিয়া আমুলৰ ৰঙা ফুটফুটীয়া ছোৱালীজনী অৱশেষত টুইটাৰ কৰ্তৃপক্ষৰ দ্বাৰা নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হ’ল৷
গুজৰাটৰ কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচন চমুকৈ জিচিএমএমএফে আমুল ব্ৰেণ্ডৰ নামত খাদ্য সামগ্ৰী প্ৰস্তুত কৰে৷ ৪ জুন ২০২০ তাৰিখে সন্ধিয়া আমুলৰ টুইটাৰ একাউণ্ট ব্লক কৰি দিয়া হয়৷ এই একাউণ্টটো পুনৰ ৫ জুন ২০২০ তাৰিখে সক্ৰিয় হৈ পৰে৷
আমুলৰ পৰিচালন সঞ্চালক আৰ এছ সোধীয়ে কয় যে উদ্যোগটোৰ টুইটাৰ একাউণ্ট ৪ জুনৰ নিশা ব্ল’ক কৰি দিয়া হয় আৰু টুইটাৰক এই বিষয়ে অৱগত কৰাৰ পিছত ৫ জুনত ৰাতিপুৱা একাউণ্টটো পুনৰ সক্ৰিয় কৰি তোলা হয়৷
আমুলে ৰঙা চীনক প্ৰত্যাহ্বান জনোৱা এক বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতেই উদ্যোগটো শনিবাৰে ১১,৫০০ টুইটতকৈও অধিক টুইটেৰে ট্ৰেণ্ডিঙলৈ আহিবলৈ সক্ষম হয়৷ বিজ্ঞাপনটোত আমুলৰ ৰঙা ফুটফুটীয়া ফ্ৰক পৰিহিত ছোৱালীজনীয়ে ‘মেড ইন চাইনা’ প্লে’কাড লৈ থকা ৰঙা ডেগ্ৰনক হুংকাৰ দিয়া দেখিবলৈ পোৱা যায়৷ বিজ্ঞাপনটোত চীনৰ চুটি ভিডিঅ’ৰ এক প্লেটফ’ৰ্ম টিকটককো দেখা পোৱা গৈছে৷ তাৰোপৰি বিজ্ঞাপনটোত ‘আমুল মেড ইন ইণ্ডিয়া’ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ শ্ল’গানো প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে৷
উদ্যোগটোৰ পৰিচালন সঞ্চালকে প্ৰকাশ কৰা অনুসৰি বিজ্ঞাপনটোত প্ৰকাশিত তথ্যসমূহ আমুলৰ নিজা মতামত নহয়, এয়া হ’ল দেশৰ সাধাৰণ জনতাৰ মাজত সৰ্বত্ৰ আলোচিত বিষয়হে৷
আনহাতে এই সন্দৰ্ভত টুইটাৰ কৰ্তৃপক্ষৰ পৰা কোৱা হয় যে এয়া আছিল এক সাধাৰণ সুৰক্ষা প্ৰক্ৰিয়া যাৰ ফলত আমুলৰ টুইটাৰ হেণ্ডেল সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছিল৷ এয়া এক কাকতলীয় ঘটনাহে৷ সুৰক্ষা প্ৰক্ৰিয়া সমাপন হোৱাৰ পিছত একাউণ্টটো পুনৰ সক্ৰিয় কৰা হৈছে৷
টুইটাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এয়া তেওঁলোকৰ দৈনন্দিন প্ৰক্ৰিয়া বুলি কোৱা হৈছে যদিও এই সমগ্ৰ প্ৰক্ৰিয়াটো এতিয়াও সন্দেহৰ আৱৰ্তত আছে৷
চিত্ৰৰ উৎসঃ আমুলৰ টুইটাৰ একাউণ্ট