নেচনেল ডেস্ক সৰ্বত্ৰ ছানি ধৰিছে ক’ৰোনাই৷ কি ডেকা, কি বুঢ়া সকলো যেন ক’ৰোনাৰ ভয়ত ত্ৰস্তমান৷ সেই ক’ৰোনাৰ বিভীষিকাৰ মাজতে এটি ভাল খবৰ পোহৰলৈ আহিছে৷
এটি দেৱ শিশু৷ বয়স মাত্ৰ ৪ মাহ। ১৮ টা দিন একেৰাহে ভেন্টিলেটৰত থাকি ক’ৰোনা ভাইৰাছৰ লগত যুজঁ দি এই ভাইৰাছক পৰাভূত কৰিবলৈ সক্ষম হৈছে ৪ মহীয়া এটা দেৱশিশু। ঘটনাটো হৈছে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ । ২৬ মে’ত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল শিশুটিক। ১৮ দিন একেৰাহে ভেন্টিলেটৰত ৰাখি চিকিৎসা চলোৱাৰ পিছত ১৩ জুনত দেৱশিশুটি ক’ৰোনা মুক্ত বুলি চিকিৎসকে জানিব দিয়ে। উল্লেখযোগ্য যে মে’ মাহত শিশুটিৰ মাতৃ ক’ৰোনাত আক্ৰান্ত হৈছিল। মাতৃৰ পৰাই ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ হৈছিল দেৱশিশুটিৰ দেহলৈ। চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ পিছত শিশুটিৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছিল। সেইবাবেই ভেন্টিলেটৰলৈ লৈ যোৱা হৈছিল শিশুটিক। ১৮ দিন চিকিৎসাৰ অন্তত শিশুটিৰ ক’ৰোনা নিগেটিভ বুলি ঘোষণা কৰি ঘৰলৈ যাবলৈ দিয়া হয় দেৱশিশুটি।