নিউজ ডেস্কঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে শুকুৰবাৰে এক নিৰ্দেশনাৰ জৰিয়তে অহা ২৪ নৱেম্বৰ তাৰিখলৈ ঘৰুৱা বিমানসমূহৰ সীমিতসংখ্যক যাত্ৰাৰ নিষেধাজ্ঞা বাহাল থাকিব বুলি জানিবলৈ দিছে৷
বৰ্তমানে কেন্দ্ৰই ৪৫% পৰ্যন্ত বিমানসমূহৰ সামৰ্থ অনুসৰি পৰিবহণৰ বাবে অনুমতি প্ৰদান কৰিছে৷ এই সন্দৰ্ভত মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই এইদৰে কয়, ‘‘আমি অতি শীঘ্ৰেই আমাৰ সামৰ্থ ৪৫%লৈ বৃদ্ধি কৰিম৷ বৰ্তমানে আমি প্ৰায় ২৮% সামৰ্থৰ সৈতে কাম কৰি আছো৷’’
অসামৰিক বিমান পৰিবহণৰ নিয়ামক ডিজিচিএয়ে মে’ মাহত বিমানসমূহৰ বাবে ভাড়াৰ ঊৰ্ধ আৰু নিম্ন সীমা ধাৰ্য কৰিছিল৷ বিমান সংস্থাসমূহে মন্ত্ৰালয়ে ধাৰ্য কৰা ভাড়াসমূহ মানি চলা উচিত৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট