আজি প্ৰায় কেইটামান বৰ্ষই হ’ল নেকি, পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থোৱা সন্তানৰ বিভিন্ন সা-সুবিধা কৰ্তন কৰা হ’ব বুলি এটা বু-বু-বা-বা ওলাইছিল ৷ ইয়াকে লৈ একাংশই উল্লাস প্ৰকাশ কৰিলেও নতুন প্ৰজন্মই প্ৰকাশ কৰিছিল হতাশা ৷ হতাশা এইকাৰণেই যে, প্ৰজন্মকেন্দ্ৰিক ব্যৱধানৰ চিন্তাধাৰাত বিপৰ্যস্ত প্ৰজন্মটোৰ মানসিক আৰু সামাজিক স্থিতি বৰ্ণনাৰ কোনো পথ নাছিল, সেইবোৰ শুনিবলৈ কোনো নাছিল ৷
কিছুদিন আগেয়ে পুনৰ ফে’চবুকত এটা পোষ্টত দেখিবলৈ পালো যে পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থোৱা সন্তানক বিভিন্নজনে বিভিন্ন ভাষাৰে থকা-সৰকা কৰিছে ৷ সেই পোষ্টটোৰ কমেণ্ট বক্সত এগৰাকী মহিলাই এইদৰে মন্তব্য কৰিছিল যে কেৱল সন্তানক দোষাৰোপ কৰাটোৱেই ঠিক নহয়, এনে কিছুমান পিতৃ-মাতৃও আছে, যাৰ নিৰ্যাতন সহিব নোৱাৰি সন্তানে ঘৰ এৰিবলগীয়া হয় ৷ মহিলাগৰাকীৰ সেই কমেণ্টটোৱে মোক বিশেষভাৱে আকৰ্ষিত কৰিলে ৷ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থ’বলগীয়া হোৱাৰ অন্তৰালত বিভিন্ন কাৰণ থাকে ৷ সেয়া এক অন্য বিষয় ৷
পুৰাণত বৰ্ণিত পৰশুৰামে পিতৃ আজ্ঞা পালন কৰি মাতৃৰ শিৰচ্ছেদ কৰিছিল ৷ পুত্ৰৰ এই কাৰ্যত সন্তুষ্ট হৈ পিতৃয়ে পৰশুৰামক বৰ দিবলৈ খোজাত তেওঁ মাতৃৰ জীৱন পুনৰ উভতাই বিচাৰিছিল ৷ এইখিনিতে যদি মন কৰে আপোনালোকে দেখিব যে পৰশুৰাম পিতৃৰ আজ্ঞা পালনৰ বাবে বাধ্য আছিল ৷ কাৰণ সেয়া আছিল তেওঁৰ সংস্কাৰ ৷ আনহাতে মাতৃৰ জীৱন পুনৰ উভতাই বিচৰাটোও আছিল তেওঁৰ সংস্কাৰৰ অংশ ৷ পিতৃ-মাতৃ নিজৰ স্থানত ঠিকেই থাকিল ৷ কিন্তু মাতৃ হত্যাকাৰী হিচাপে কলংকিত হৈ ৰ’ল পৰশুৰাম ৷ পৰশুৰামৰ সেই স্থিতিৰ উদ্ৰেকৰ অৱকাশ ঘটাটোৱেই আছিল এটা দুখজনক ঘটনা ৷
প্ৰজন্মগত ব্যৱধান বিশেষকৈ ষাঠি, সত্তৰ দশকত জন্ম হোৱা পিতৃ-মাতৃ আৰু নব্বৈ আৰু তাৰ পিছত জন্ম হোৱা সন্তানৰ মাজত এক বৃহৎ সমস্যা হৈ উঠিছে ৷ সামাজিক উদাৰীকৰণ নীতি যি নব্বৈ দশকৰ পিছৰ সময়ছোৱাৰ এক ধাৰণা আজিৰ প্ৰজন্মই বহন কৰিছে তাতেই মতবিৰোধ ঘটিছে তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে ৷ আমাৰ ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ আধুনিকীকৰণ এই ক্ষেত্ৰত ব্যৰ্থ হোৱা যেন অনুভৱ হয় ৷ খুব কম সংখ্যক ভাৰতীয় অভিভাৱকেহে নতুন যুগৰ প্ৰযুক্তি, নতুন পৰম্পৰাৰ সৈতে অৱগত ৷ অথবা অৱগত হ’লেও ইয়াক আদৰি লোৱাৰ পক্ষপাতী নহয় কিছু সংখ্যক ৷
একবিংশ শতিকাৰ প্ৰজন্মই এটা ধাৰাতেই আৱদ্ধ হৈ থাকিব নিবিচাৰে ৷ পিতৃ-মাতৃৰ সৈতে মতবিৰোধ হ’লেই তেওঁলোকে ঘৰ ত্যাগ কৰিবলৈও কুণ্ঠাবোধ নকৰে ৷ কিন্তু যিসকল পিতৃ-মাতৃৰ ‘অহেতুক নিৰ্যাতন’ৰ বলি হৈ ঘৰ ত্যাগ কৰিবলগীয়া হয়, সেই সকল সন্তানৰ মানসিক স্থিতি সামাজিক পৰম্পৰাৰ সংজ্ঞাৰ পৰা অদূৰত অৱস্থান কৰে ৷ এই ‘অহেতুক নিৰ্যাতন’ কি কি হ’ব পাৰে ? ভাৰতীয় পৰম্পৰাগত সংস্কৃতিত লালিত-পালিত হোৱা অধিকাংশ সন্তানেই হয়তো নিবিচাৰে পিতৃ-মাতৃৰ সৈতে বিৰোধ ৷ কিন্তু যেতিয়া আদৰ্শগত সংঘাত পৰম্পৰাৰো ঊৰ্ধত হৈ পৰে তেতিয়া গৌণ হৈ পৰে বহু বিষয় ৷ সেই সন্তান পৰিৱৰ্তিত হয় আধুনিক পৰশুৰামলৈ ৷
আমাৰ সমাজত কিছুমান পৰম্পৰাৰ লিখিত ৰূপ যেনে ‘‘বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা’’, এই বাক্যবোৰ ইমান দকৈ সমাজত শিপাই পৰিছে যে নতুন প্ৰজন্মই কিবা যুক্তি দিলেই সেয়া ভুল বুলি ক’বলৈ এক ছেকেণ্ডো সময় ব্যয় নকৰে অভিভাৱকে ৷ বাস্তৱিক পৃথিৱীৰ প্ৰচলিত ধাৰাৰ সৈতে আপোচ নকৰাৰ যেন পণ লয় এই সকল অভিভাৱকে ৷ কিন্তু ভাবি চাওক, আলোচনাৰ মাধ্যমেৰে যিদৰে দেশৰ অসূয়া যেনে সন্ত্ৰাসবাদৰ দৰে সমস্যাৰ সমাধান সম্ভৱ বুলি বিজ্ঞলোকে মানি লৈছে ঠিক তেনেকৈ ঘৰ এখনৰ সমস্যাও আলোচনাৰ মাধ্যমেৰে সম্ভৱ বুলি মই ভাবো ৷ যিদৰে হাত এখনৰ পাঁচোটা আঙুলি সমান নহয় ঠিক তেনেকৈ মতাদৰ্শও ভিন্ন হ’ব পাৰে ৷ কিন্তু পাঁচোটা আঙুলিয়ে ঐক্যৱদ্ধভাৱে হাতখনৰ শক্তি বৃদ্ধি কৰাৰ দৰে ঘৰ এখনো সুন্দৰভাৱে, নিয়াৰিকৈ চলি থাকিব পাৰে ৷
সমস্যা সদায় এখন ঘৰৰ পৰাই উদ্ভৱ হয় ৷ সেই সমস্যা ধীৰে ধীৰে চুবুৰী, তাৰ পিছত ৰাজ্য, তাৰ পিছত দেশলৈ শিপায় ৷ দেখাত কঠিন যেন লাগিলেও এই সমস্যাৰ সমাধান নিচেই সহজ ৷ মাথোঁ প্ৰয়োজন অন্তৰ্নিহিত অহংকাৰৰ বৰ্জনৰ ৷ সামাজিক সমস্যাৰ সমাধান আইনৰ জৰিয়তে নহয়, সক্ৰিয় মানৱ সহযোগিতাৰেহে সম্ভৱ ৷ আৰু প্ৰজন্মগত ব্যৱধান জড়িত সমস্যাতো অন্তৰ্ভুক্ত থাকিব লাগিব উভয় পক্ষৰ সক্ৰিয় সহযোগিতাৰ ৷ আধুনিক পৰশুৰামলৈ পৰিৱৰ্তিত হোৱাৰ পথ কলিতেই মোহাৰি পেলোৱাৰ দায়িত্ব উভয় পক্ষৰেই ৷